অসম

assam

Road accident in Baska: ডাম্পাৰৰ খুন্দাত নিহত দশম শ্ৰেণীৰ ছাত্ৰী

By

Published : May 22, 2023, 10:53 PM IST

বাক্সা, ২২ মে’ :বাক্সাত অঘটন ৷ সোমবাৰে দিনৰ ভাগত বাক্সাৰ নয়াবস্তিত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident in Baska) ৷ অবৈধভাৱে শিল কঢ়িওৱা ডাম্পাৰে মহতিয়াই নিলে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ৷ ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় ছাত্ৰীগৰাকী (A school student death in a road accident in Baska) ৷

নিহত ছাত্ৰীগৰাকী নয়াবস্তি হাইস্কুলৰ দশম শ্ৰেণীৰ বৰষা কুমাৰী বুলি জানিব পৰা গৈছে ৷ ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ আনকি উত্তেজিত স্থানীয় ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে ৷ অৱশ্যে পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

লগতে পঢ়ক :Tragic Road Accident : কন্যাৰ ফলাফলৰ বাবে মিঠাই আনিবলৈ গৈ ডাম্পাৰৰ খুন্দাত আহত পিতৃ

ABOUT THE AUTHOR

...view details