অসম

assam

Lachit Divas 2022: লাচিত বৰফুকনৰ জন্মজয়ন্তীত মাৰাথন দৌৰ প্ৰতিযোগিতা

By

Published : Nov 23, 2022, 10:27 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ৰাজ্য়জুৰি সপ্তাহযোৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (400 Birth anniversary of Lachit Borphukan)। এই জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি টীয়ক আৰক্ষী থানাৰ উদ্যোগত টীয়কৰ চেলেংহাট পথত বুধবাৰে পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা এখন অনুষ্ঠিত হয় (Marathon competition at teok)। শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা প্ৰাক্তন ক্ৰীড়া সংগঠক বলিন বৰাই । উক্ত অনুষ্ঠানত চি আৰ পি এফৰ পৰিদৰ্শক আবদেশ কুমাৰ, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ৰিজু কুমাৰ শইকীয়া, টীয়ক ক্ৰীড়া সন্থাৰ সম্পাদক দেবেন কোঁৱৰকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে । টীয়ক আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দিপাংকৰ দলেই আঁত ধৰা এই অনুষ্ঠানটো শুভাৰম্ভ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পূৰ্বালী দুলীয়াই । প্ৰতিযোগিতাৰ শেষত বিজয়ীসকলক নগদ ধনসহ কিতাপৰ টোপোলা প্ৰদান কৰা হয় ।
Last Updated :Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details