অসম

assam

কোটি কোটি টকাৰ কৰ ফাঁকি: গুৱাহাটীত গ্ৰেপ্তাৰ ৫ কয়লা মাফিয়া

By

Published : Feb 11, 2022, 5:17 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

ৰাজ্যত এতিয়াও অব্যাহত আছে কোটি কোটি টকাৰ কৰ ফাঁকিৰে কয়লাৰ ক’লা ব্যৱসায় (Illegal coal mining in Assam)। শেহতীয়াকৈ কৰ বিভাগে এনে এক কৰ ফাঁকিৰ ঘটনা ধৰা পেলায় আৰু গুৱাহাটীৰ এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে বশিষ্ঠ থানাত এখন এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে বলৱন্ত ভামা নামৰ এটা কয়লা মাফিয়াকে ধৰি মুঠ পাঁচজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে (Coal mafia arrested in Guwahati)। গ্ৰেপ্তাৰৰ পিছত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয় যে, বশিষ্ঠ আৰক্ষীয়ে কৰ বিভাগৰ এজাহাৰ মৰ্মে ১৮০/২২ নং এটা গোচৰ ৰুজু কৰিছে আৰু সেইমৰ্মে এই ব্যৱসায়ী কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে । এই পাঁচ ব্যৱসায়ীৰ উপৰিও এই গোচৰটোৰ সৈতে জড়িত আৰু কেইবাজনো লোকক দুই এদিনতে গ্ৰেপ্তাৰ কৰা হব বুলি তেওঁ প্ৰকাশ কৰে । উল্লেখযোগ্য যে, বলৱন্ত ভামাসহ এই পাঁচ কয়লা ব্যৱসায়ীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(খ)/৪৬৮/৪২০/৪৭১ ধাৰাত গোচৰ ৰুজু কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

...view details