অসম

assam

Operation মাটিৰ দালাল : একে নিশাই গ্ৰেপ্তাৰ ৪৫৩ জন মাটিৰ দালাল

By

Published : Sep 21, 2021, 7:46 PM IST

()
ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ নিৰ্দেশৰ পাচতেই দালাল চক্ৰৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী ৷ কিছু দিন পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজহ চক্ৰ বিষয়াসকলৰ ৰাজ্যিক সন্মিলনত ভাগ লৈ মাটিৰ ফাইলৰ কাম ৬ অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সন্মিলনত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিষয়াসকলক এইদৰে কঠোৰ সকীয়নি দিয়াৰ লগতে চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দাদালৰাজ বন্ধ নহ'লে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে কাম কৰি যাব বুলি সকিয়াই দি দালাল দেখিলেই মই থপিয়াই আনিম বুলি দিছিল সকীয়নি । মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই সকীয়নিৰ পাচতেই প্ৰতিখন জিলাতেই মাটিৰ দালালৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিল অসম আৰক্ষী ৷ দালালৰ বিৰুদ্ধে মাৰাথন গতিত সোমবাৰৰ নিশাৰ পৰা চলাই গ’ল ইটোৰ পাছত সিটো অভিযান ৷ একেটা নিশাতে কামৰূপ, বৰপেটা, নলবাৰী, শিৱসাগৰ, লখিমপুৰকে ধৰি ৰাজ্যৰ সকলো জিলাৰ পৰা অসম আৰক্ষীয়ে আটক কৰিলে চাৰে চাৰিশতকৈও অধিক মাটিৰ দালাল ৷

ABOUT THE AUTHOR

...view details