ইমান অভিমান যে পিতৃ-মাতৃৰ শাসনৰ ফলতে ঘৰ এৰি পলায়ন তিনি শিশুৰ - Children missing

By ETV Bharat Assamese Team

Published : May 4, 2024, 2:21 PM IST

thumbnail
পিতৃ-মাতৃৰ শাসনৰ ফলতে ঘৰ এৰি পলায়ন তিনি শিশুৰ(Etv Bharat Assam)

শিলচৰ, ৪ মে': শিলচৰত চাঞ্চল্যকৰ ঘটনা । পিতৃ-মাতৃৰ শাসনৰ পৰিণাম হ'ল ভয়ানক । পিতৃ-মাতৃৰ শাসনৰ ফলতে ঘৰৰ পৰা পলাল তিনিটিকৈ নাবালক । শিলচৰ কনকপুৰ অঞ্চলত পোহৰলৈ আহিছে এই ঘটনা ।

তিনিগৰাকী নাবালকে বৃহস্পতিবাৰে হঠাৎ নিজ গৃহৰ পৰাই নিৰুদ্দেশ হয় ৷ প্ৰতিবেশী এই তিনিগৰাকী শিশু হঠাৎ নিৰুদ্দেশ হৈ যোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । পৰিয়ালৰ লোকসকলে শিশুকেইটিৰ কোনো সন্ধান নাপাই আৰক্ষীৰ কাষ চাপে । শুকুৰবাৰে বিয়লি নাবালক তিনিটিৰ অভিভাৱকে এই সন্দৰ্ভত শিলচৰ ৰাঙিৰখাৰি আৰক্ষী চকীত ৰুজু কৰে এক গোচৰ ৷

গোচৰ ৰুজু হোৱাৰ পাচতে তাৎক্ষণিকভাৱে তিনি শিশুৰ সন্ধানত আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত অভিযানত নামে কাছাৰ আৰক্ষীৰ এটা দল । শুকুৰবাৰে নিশা শিলচৰ ৰে'ল ষ্টেচনৰ পৰা তিনি শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । ইফালে নাবালক তিনিটিয়ে জনোৱা অনুসৰি ঘৰত পিতৃ-মাতৃয়ে বাবে কিবা কাৰণত শাসন কৰাৰ ফলতে তেওঁলোক ঘৰৰ পৰা পলাবলৈ বাধ্য হয় । অৱশ্যে আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব প্ৰকৃত কাৰণ ।

লগতে পঢ়ক: আলফা স্বাধীনত যোগ দিবলৈ যোৱা যুৱকক নাগালেণ্ডত আটক - Youth Tries To Join ULFA I

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.