ইমান অভিমান যে পিতৃ-মাতৃৰ শাসনৰ ফলতে ঘৰ এৰি পলায়ন তিনি শিশুৰ - Children missing - CHILDREN MISSING

🎬 Watch Now: Feature Video

thumbnail
পিতৃ-মাতৃৰ শাসনৰ ফলতে ঘৰ এৰি পলায়ন তিনি শিশুৰ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : May 4, 2024 at 2:21 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ, ৪ মে': শিলচৰত চাঞ্চল্যকৰ ঘটনা । পিতৃ-মাতৃৰ শাসনৰ পৰিণাম হ'ল ভয়ানক । পিতৃ-মাতৃৰ শাসনৰ ফলতে ঘৰৰ পৰা পলাল তিনিটিকৈ নাবালক । শিলচৰ কনকপুৰ অঞ্চলত পোহৰলৈ আহিছে এই ঘটনা ।

তিনিগৰাকী নাবালকে বৃহস্পতিবাৰে হঠাৎ নিজ গৃহৰ পৰাই নিৰুদ্দেশ হয় ৷ প্ৰতিবেশী এই তিনিগৰাকী শিশু হঠাৎ নিৰুদ্দেশ হৈ যোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । পৰিয়ালৰ লোকসকলে শিশুকেইটিৰ কোনো সন্ধান নাপাই আৰক্ষীৰ কাষ চাপে । শুকুৰবাৰে বিয়লি নাবালক তিনিটিৰ অভিভাৱকে এই সন্দৰ্ভত শিলচৰ ৰাঙিৰখাৰি আৰক্ষী চকীত ৰুজু কৰে এক গোচৰ ৷

গোচৰ ৰুজু হোৱাৰ পাচতে তাৎক্ষণিকভাৱে তিনি শিশুৰ সন্ধানত আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত অভিযানত নামে কাছাৰ আৰক্ষীৰ এটা দল । শুকুৰবাৰে নিশা শিলচৰ ৰে'ল ষ্টেচনৰ পৰা তিনি শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । ইফালে নাবালক তিনিটিয়ে জনোৱা অনুসৰি ঘৰত পিতৃ-মাতৃয়ে বাবে কিবা কাৰণত শাসন কৰাৰ ফলতে তেওঁলোক ঘৰৰ পৰা পলাবলৈ বাধ্য হয় । অৱশ্যে আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব প্ৰকৃত কাৰণ ।

লগতে পঢ়ক: আলফা স্বাধীনত যোগ দিবলৈ যোৱা যুৱকক নাগালেণ্ডত আটক - Youth Tries To Join ULFA I

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details