ETV Bharat / state

আলফা স্বাধীনত যোগ দিবলৈ যোৱা যুৱকক নাগালেণ্ডত আটক - Youth tries to join ULFA I

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 8:19 AM IST

ULFA (I) : আলফা স্বাধীনত যোগদানৰ উদ্দেশ্য যোৱা গোলাঘাটৰ যুৱকক নাগালেণ্ডৰ ম'ন জিলাত আটক । চৰাইদেউ আৰক্ষীক চমজাই দিলে যুৱকজনক । গোলাঘাটৰ যুৱকজনক সোধ-পোছ চলাইছে আৰক্ষীয়ে ।

ULFA I
আলফা স্বাধীনত যোগ দিবলৈ যোৱা যুৱকক নাগালেণ্ডত আটক (ETV Bharat Assam)

মৰাণ, ৪ মে' : আলফা চৰকাৰৰ শান্তিচুক্তি সম্পূৰ্ণ হোৱাৰ পাচতেই আনুষ্ঠানিকভাৱে আলফা ভংগ কৰা হ'ল যদিও পৰেশ বৰুৱাৰ নেতৃত্বত আলফা স্বাধীনে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ আহিবলৈ চৰকাৰে আহ্বান জনাই থকা সময়তে আলফা স্বাধীনত যোগদান অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ।

ইয়াৰ মাজতে আলফাত যোগদান কৰিবলৈ যাওঁতে নাগালেণ্ডৰ ম'ন জিলাত আছাম ৰাইফলছৰ হাতত আটক গোলাঘাটৰ যুৱক । আছাম ৰাইফলছৰ হাতত আটক হোৱা যুৱকজন গোলাঘাট মেৰাপানীৰ উদয়পুৰৰ অনিল দাসৰ পুত্ৰ মুনিন্দ্ৰ দাস বুলি জানিব পৰা গৈছে । শুকুৰবাৰে আছাম ৰাইফলছে চৰাইদেউ আৰক্ষীক যুৱকজনক চমজাই দিছে ।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাই আহিছে যদিও উজনিত আলফা স্বাধীনে নিজৰ সাংগঠনিক কাম-কাজ আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে । কেইটামান দিনৰ পূৰ্বে তিনিচুকীয়া জিলাত ভাৰতীয় সেনা বাহিনীৰ বাহনত আক্ৰমণ কৰি নিজৰ শক্তিৰ পৰিচয় দিবলৈ চেষ্টা কৰিছিল আলফা স্বাধীনে ।

ইয়াৰ পাচতে পুনৰ আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা যুৱক আটক হোৱাৰ পাচতে প্ৰমাণ হৈছে আলফা স্বাধীনে সদস্য ভৰ্তি অভিযান অব্যাহত ৰখাৰ কথা । বিগত সময়ছোৱাত দেখা গৈছে যে আলফা স্বাধীনত যোগদিবলৈ উজনি অসমৰ কেবাখনো জিলাৰ পৰা বহুকেইজন যুৱক ঢাপলি মেলিছিল ।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে অসমৰ যুৱকক আলফা স্বাধীনত যোগ দি নিজৰ ভৱিষ্যৎ ধ্বংসৰ মুখলৈ ঠেলি নপঠিয়াবলৈ অনুৰোধ জনাইছে । বহুবাৰ আলফা স্বাধীন আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত ভাৰ্চুৱেলী তৰ্কও হৈছে ।

লগতে পঢ়ক : দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ বৰহাট থানাৰ ASI উত্তম শইকীয়া - Cop arrested on corruption charges

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.