ETV Bharat / state

দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ বৰহাট থানাৰ ASI উত্তম শইকীয়া - Cop arrested on corruption charges

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 10:47 PM IST

Police Officer Arrested: চৰাইদেউত উৎকোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া ৷ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ’ল ASI উত্তম শইকীয়া ৷

Police Officer Arrested
উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী বিষয়া (ETV BHARAT ASSAM)

মৰাণ, 3 মে’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নীৰ পাচতো গা লৰা নাই একাংশ আৰক্ষী বিষয়াৰ তথা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ৷ টকাৰ খক নুগুছেহে নুগুছে এইসকল চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ৷ বিভিন্ন সময়ত এনেধৰণৰ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰী মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে যদিও এতিয়াও চকু মুকলি হোৱা নাই একাংশৰ ৷

বিভিন্ন কামৰ বাবে আৰক্ষীয়েই হওঁক বা আন চৰকাৰী বিষয়া-কৰ্মচাৰীয়েই হওঁক সাধাৰণ লোকৰ লগতে অপৰাধীৰ পৰা উৎকোচ লৈ আহিছে ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে দিয়া কঠোৰ নিৰ্দেশকো কেৰেপ নকৰা হৈছে একাংশ দুৰ্নীতি পৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৷

Police Officer Arrested
নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ বৰহাট আৰক্ষী থানাৰ ASI (ETV BHARAT ASSAM)

বিগত বৰ্ষৰ পৰা এজন এজনকৈ বহু দুৰ্নীতিগ্ৰস্থ বিষয়াই উৎকোচ লৈ হাত দাঙি ৰঙাঘৰৰ আলহী হ'বলগা হৈছে ৷ ইয়াৰ মাজতে এইবাৰ উৎকোচ লৈ চৰাইদেউ আৰক্ষীৰ নাক কাটিলে এজন আৰক্ষী বিষয়াই ৷ চৰাইদেউত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী বিষয়া ৷

চৰাইদেউ জিলাৰ অন্তৰ্গত বৰহাট আৰক্ষী থানাৰ ASI উত্তম শইকীয়াক উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে উত্তম শইকীয়াক ৷

জানিব পৰা অনুসৰি, এটা গোচৰত অভিযোগকাৰীৰ পৰা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে ঘোচখোৰ আৰক্ষী বিষয়া উত্তম শইকীয়াক ৷ বৰহাট হাবিগাঁৱত থকা ভাড়াঘৰৰ পৰা দুৰ্নীতি নিবাৰক শাখাই উত্তম শইকীয়াক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে, আজিৰ দিনটোতেই উৎকোচ লোৱাৰ অভিযোগত নগাঁৱত গ্ৰেপ্তাৰ হয় আন এগৰাকী আৰক্ষী ৷ ড্ৰাগছ মাফিয়াৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী কনিষ্টবল ৷

লগতে পঢ়ক : পইচা লোৱাৰ পাচতহে মনলৈ আহিল মুখ উলিয়াব নোৱাৰাৰ কথা - Assam Bribe Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.