ETV Bharat / state

পইচা লোৱাৰ পাচতহে মনলৈ আহিল মুখ উলিয়াব নোৱাৰাৰ কথা - assam bribe case

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 7:50 AM IST

Police caught in police net after taking bribes from drug mafia
উৎকোচ লৈ পৰিল ধৰা(etv bharat assam)

Assam bribe case : চৰকাৰ কঠোৰ হৈছে যদিও মানুহৰ স্বভাৱ সলনি হ’বলৈ এতিয়াও বহু বাকী ৷ শেহতীয়াকৈ নগাঁৱত ড্ৰাগছ মাফিয়াৰ পৰা উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল আৰক্ষী ।

উৎকোচ লৈ পৰিল ধৰা (etv bharat assam)

নগাঁও, 3 মে’ : উৎকোচ লৈ ধৰা পৰাৰ বাতৰি সঘনাই প্ৰচাৰ হৈ আহিছে যদিও মানুহৰ যেন গাত লগা নাই ৷ ঠায়ে ঠায়ে সুবিধা পালেই মানুহে উৎকোচ ল’বলৈ বিচাৰে ৷ উচ্চ পদবীত অধিষ্ঠিত হৈ থকাৰ পৰা নিম্ন পদবীলৈকে প্ৰায়খিনি মানুহেই নিজৰ পকেট গৰম কৰি ৰাখিব বিচাৰে ৷ শেহতীয়াকৈ অসম আৰক্ষীত কৰ্মৰত এজন আৰক্ষী উৎকোচ বিচাৰি আৰক্ষীৰ জালত পৰিছে ৷

এইগৰাকী আৰক্ষী কনিষ্টবলৰ বাবে আকৌ এবাৰ বদনামী হ’ল অসম আৰক্ষী । অসম আৰক্ষীৰ নাক কাটিলে নগাঁও আৰক্ষীৰ এইৰাকী কনিষ্টবলে । সমাজৰ বাবে বৰবিহস্বৰূপ ড্ৰাগছ সৰবৰাহত জড়িত এজন ড্ৰাগছ মাফিয়াৰ পৰা উৎকোচ লৈ চৰ্চালৈ আহিছে এইজন আৰক্ষী ৷ ড্ৰাগছ মাফিয়াৰ পৰা উৎকোচ লৈ এগৰাকী আৰক্ষী কনিষ্টবল আটক হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

নগাঁও আৰক্ষীৰ এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ এগৰাকী দেহৰক্ষীক উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় । আৰক্ষী কনিষ্টবলজনৰ এনে কাণ্ডজ্ঞানহীন কাণ্ডত লজ্জানত এতিয়া নগাঁও আৰক্ষী । গ্ৰেপ্তাৰ হোৱা দেহৰক্ষীজনৰ নাম মকৰম হুছেইন বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি মকৰম AB ৰ কনিষ্টবল বুলি জানিব পৰা গৈছে ।

কনিষ্টবল মকৰমক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : চাকৰিৰ পৰা বৰ্খাস্ত হ'ল দৰঙৰ পূৰ্বৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় - Dhula Minor Death Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.