MBBS চূড়ান্ত পৰীক্ষাত উজলিল জে এম চি এইচ - assam mbbs final exam

By ETV Bharat Assamese Team

Published : May 4, 2024, 1:54 PM IST

thumbnail
অধ্যক্ষৰ ভাষ্য(ETV BHARAT ASSAM)

যোৰহাট, 4 মে’: সদ্য ঘোষিত চিকিৎসা বিজ্ঞানৰ MBBS ৰ চূড়ান্ত পৰীক্ষাত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ভিতৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ে গুণগত মানদণ্ডৰে ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে । এমবিবিএছৰ চূড়ান্ত পৰীক্ষাত উজলি উঠিল যোৰহাট চিকিৎসা মহাবিদ্যালয় ৷ শীৰ্ষ ২০ টা স্থানৰ ভিতৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰে স্থান লাভ ৷

স্থান দখল কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়খনলৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীসকল হৈছে ক্ৰমে বিক্ৰম সূত্ৰধৰ (মেডিচিন,অস্ত্ৰোপচাৰ), মধুসূদন কলিতা (অস্ত্ৰোপচাৰ), বিদিশা ৰয় (অস্ত্ৰোপচাৰ), ইভলীনা যোগী (অস্ত্ৰোপচাৰ), আৰমান আহমেদ (মেডিচিন), ৰক্তিম হাজৰিকা (মেডিচিন, অস্ত্ৰোপচাৰ) আৰু জ্ঞানদীপ চহৰীয়া (অস্ত্ৰোপচাৰ)।

৭ গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰা খবৰে বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়খনৰ বাহিৰে-ভিতৰে এক আন্দৰ জোৱাৰ অনা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, বিক্ৰম সূত্ৰধৰে মেডিচিন, ছাৰ্জাৰী বিষয়ত দ্বিতীয় স্থান আৰু মধুসূদন কলিতাই ছাৰ্জাৰী বিষয়ত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : আনক সুখী কৰি সুখী হ’ব খোজা এজন যুৱকৰ বিশেষ সফলতাৰ কাহিনী... - MBBS Final Result

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.