মুক্তি পালে জুবিন গাৰ্গৰ কন্ঠত নতুন বিহুসুৰীয়া গীত "মৰমৰ তাঁতৰ শালত" - zubeen garg new assamese bihu song

By ETV Bharat Assamese Team

Published : May 4, 2024, 11:07 AM IST

thumbnail
এটি নতুন বিহুসুৰীয়া গীত মুকলি(ETV BHARAT ASSAM)

গুৱাহাটী, 4 মে’ : শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুক্তি দিয়া হয় এটি নতুন বিহুসুৰীয়া গীত । গীতটিত কণ্ঠদান কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে ৷ "মৰমৰ তাঁতৰ শালত" শীৰ্ষক এই গীতটি কেবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুক্তি দিয়া হয় ৷

গীত মুকলি অনুষ্ঠানৰ লগতে উন্মোচন কৰা হয় গীতটিৰ পোষ্টাৰ । গীতটি মুকলি কৰে বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কর্মী ডাঃ হিতেশ বৰুৱাই । উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী হেমলতা চেতিয়া গগৈ, শাস্ত্ৰীয় নৃত্য শিল্পী অনামিকা বৰদলৈ বৰুৱা, হৰেন বৰ্মণ, পদ্মা বৰ্মণ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

এইছ বি অনামিকা প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই গীতটিৰ কথা অনিল হাজৰিকাৰ । আনহাতে গীতটি পৰিচালনা কৰিছে অসীম গগৈয়ে । সম্পাদনা কৰিছে বিতুল কোঁৱৰে । প্ৰযোজনা হিমাংশু বৰ্মনৰ । গীতৰ ভিডিঅ’তটিত অভিনয় কৰিছে অনামিকা ডেকা, নবীন দেউৰীয়ে । এইছ বি অনামিকা ইউটিউব চেনেলত উপলব্ধ হ'ব এই নতুন গীতটি ।

লগতে পঢ়ক : চৰ্চাত স্বৰ্গৰথ; মুক্তি পালে মন বন্ধু শীৰ্ষক গীতটি - Assamese Film Swargarath

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.