মুক্তি পালে জুবিন গাৰ্গৰ কন্ঠত নতুন বিহুসুৰীয়া গীত "মৰমৰ তাঁতৰ শালত" - zubeen garg new assamese bihu song - ZUBEEN GARG NEW ASSAMESE BIHU SONG

🎬 Watch Now: Feature Video

thumbnail
এটি নতুন বিহুসুৰীয়া গীত মুকলি (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 4, 2024 at 11:07 AM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 4 মে’ : শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুক্তি দিয়া হয় এটি নতুন বিহুসুৰীয়া গীত । গীতটিত কণ্ঠদান কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে ৷ "মৰমৰ তাঁতৰ শালত" শীৰ্ষক এই গীতটি কেবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুক্তি দিয়া হয় ৷

গীত মুকলি অনুষ্ঠানৰ লগতে উন্মোচন কৰা হয় গীতটিৰ পোষ্টাৰ । গীতটি মুকলি কৰে বিশিষ্ট চিকিৎসক, সাংস্কৃতিক কর্মী ডাঃ হিতেশ বৰুৱাই । উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী হেমলতা চেতিয়া গগৈ, শাস্ত্ৰীয় নৃত্য শিল্পী অনামিকা বৰদলৈ বৰুৱা, হৰেন বৰ্মণ, পদ্মা বৰ্মণ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

এইছ বি অনামিকা প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই গীতটিৰ কথা অনিল হাজৰিকাৰ । আনহাতে গীতটি পৰিচালনা কৰিছে অসীম গগৈয়ে । সম্পাদনা কৰিছে বিতুল কোঁৱৰে । প্ৰযোজনা হিমাংশু বৰ্মনৰ । গীতৰ ভিডিঅ’তটিত অভিনয় কৰিছে অনামিকা ডেকা, নবীন দেউৰীয়ে । এইছ বি অনামিকা ইউটিউব চেনেলত উপলব্ধ হ'ব এই নতুন গীতটি ।

লগতে পঢ়ক : চৰ্চাত স্বৰ্গৰথ; মুক্তি পালে মন বন্ধু শীৰ্ষক গীতটি - Assamese Film Swargarath

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details