শীতকাল অহাৰ লগে লগে আকৌ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কোভিড ৰোগীৰ সংখ্যা । কোভিডৰ নতুন ভেৰিয়েন্ট সম্প্ৰতি বিশ্ববাসীৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে । ভাৰততো কেইদিনমানৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্ত সংখ্যা । দেশত পুনৰবাৰ বৃদ্ধি পাইছে Covid 19 ৰ ভয়াৱহতা । এতিয়ালৈকে দেশৰ ১১খন ৰাজ্য ক’ৰোনাৰ নতুন ভেৰিয়েন্ট JN.1 ৰ দ্বাৰা সংক্ৰমিত হৈছে । এনে পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে শীতকাল অহাৰ লগে লগে কিয় কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে ? ঠাণ্ডা বতৰৰ লগত কি সংম্পৰ্ক আছে Covid 19 ভাইৰাছৰ ? বিশেষজ্ঞৰ পৰা জানো আহক...
কেৱল শীতকালত কিয় ক’ৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পায় ?
ক্ৰমাৎ বৃদ্ধি পোৱা ক’ৰোনা আক্ৰান্তই পুনৰবাৰ সকলো ৰাজ্যকে ভয়াৱহতাৰ মাজত ঠেলি দিছে । এইবাৰো নতুন ভেৰিয়েণ্টৰ বাবে বহু জীৱন বিপদাপন্ন হোৱাৰ আকাংক্ষাই দেখা দিছে । এনে পৰিস্থিতিত শীতকালত প্ৰতিবাৰেই Covid 19 ৰ নতুন ভেৰিয়েন্ট কিয় আবিৰ্ভাৱ হ’বলৈ আৰম্ভ কৰে, এই প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক কথা । কাৰণ শীতকালত যেন পুনৰ জাগ্ৰত হৈ পৰে ক’ৰোনা ৷
এই সন্দৰ্ভত বিশেষজ্ঞসকলে কয় যে শীতকালত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ বৃদ্ধি পায় । এই বতৰত ইনফ্লুৱেঞ্জা ৰোগত আক্ৰান্তৰ সংখ্যা অধিক । ফ্লুত আক্ৰান্ত হ’লে কাহ, চৰ্দি আৰু জ্বৰৰ সমস্যা হয় । এনে পৰিস্থিতিত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যাবলগীয়া হয় আৰু তেওঁলোকৰ কোভিড পৰীক্ষা কৰা হয় । অধিক পৰীক্ষাৰ বাবে পোহৰলৈ আহে কোভিড ৰোগী । যিহেতু এই ভাইৰাছ সদায় থাকে, গতিকে পৰীক্ষা হ’লে ৰোগীৰ সংখ্যা বৃদ্ধি পায় । এই কাৰণতে শীতকালত Covid আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় । এই সময়চোৱাত নতুন ভেৰিয়েন্ট অহাৰ বাবেও ৰোগীৰ সংখ্যা বৃদ্ধি পাব পাৰে ।
শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে