অসম

assam

Hair Drying Tips: ব্ল’ ড্ৰায়াৰ ব্যৱহাৰ কৰাটো চুলিৰ বাবে ক্ষতিকাৰক, এই পদ্ধতিৰে শুকুৱাওক চুলি

By

Published : Jan 23, 2023, 5:36 PM IST

Use of blow dryer is harmful for hair dry hair easily with these methods

মহিলাসকলে শীতকালত চুলি শুকুৱাবলৈ প্ৰায়ে ব্ল’ ড্ৰায়াৰ ব্যৱহাৰ কৰে । কিন্তু আপুনি জনাটো উচিত যে ড্ৰায়াৰৰ অত্যধিক ব্যৱহাৰ চুলিৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । এনে পৰিস্থিতিত এই পদ্ধতিৰ সহায়ত ড্ৰায়াৰ অবিহনে আপুনি চুলি শুকুৱাব পাৰে । জানি লওক এই সহজ পদ্ধতি ৷

শীতকালত সঘনাই চুলি ধোৱাটো অতি কঠিন কাম যেন লাগে(blow drying hair) । আচলতে শীতকালত চুলি ধোৱাৰ পিচত শুকুৱাটো অতি কঠিন । তিতা চুলিৰ বাবে প্ৰায়ে ঠাণ্ডা লগাৰ সম্ভাৱনা থাকে । এনে পৰিস্থিতিত বহু মহিলাই কম সময়ৰ ভিতৰতে চুলি শুকুৱাবলৈ ব্ল’ ড্ৰায়াৰ ব্যৱহাৰ কৰে (Is hair dryer bad for hair)। কিন্তু ড্ৰায়াৰটো অবিৰতভাৱে ব্যৱহাৰ কৰিলে আপোনাৰ চুলিৰ ক্ষতি হ’ব পাৰে (How To Dry Your Hair)। লগতে বহু সময়ত এনেকুৱাও হয় যে, বহু সময়ত আপোনাৰ হাতত ড্ৰায়াৰ উপলব্ধ নহয় (Hair Drying Tips)।

এনে পৰিস্থিতিত যদি আপুনি ড্ৰাইয়াৰ অবিহনে চুলি শুকুৱাবলৈ বিকল্প বিচাৰিছে, তেন্তে আমি আপোনাক এনে কিছুমান পদ্ধতিৰ বিষয়ে ক’ম, যাৰ সহায়ত আপুনি ড্ৰায়াৰ অবিহনে সহজেই চুলি শুকুৱাব পাৰিব (should you blow dry your hair after washing)।

টি-চাৰ্ট বা ৰুমাল ব্যৱহাৰ কৰক

আপোনালোকৰ বহুতেই নিশ্চয় চুলি শুকুৱাবলৈ টাৱেল ব্যৱহাৰ কৰি আছে । বহু মহিলাৰ তিতা চুলিখিনি টাৱেলেৰে টানকৈ বান্ধি শুকুৱাই লোৱাৰ অভ্যাস আছে । কিন্তু তেনে কৰিলে আপোনাৰ চুলিৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । এনে পৰিস্থিতিত টাৱেলৰ সলনি কপাহী টি-চাৰ্ট বা ৰুমাল ব্যৱহাৰ কৰি চুলি সোনকালে শুকুৱাব পাৰে । কপাহী কাপোৰে পানী সোনকালে শোষণ কৰে, যাৰ বাবে আপোনাৰ চুলিও সোনকালে শুকাই যায় ।

কণ্ডিচনাৰ আৰু ফণী

চুলি মইশ্ব’ৰাইজ কৰিবলৈ ব্যৱহাৰ কৰা কণ্ডিচনাৰেও আপোনাৰ তিতা চুলি শুকুৱাবলৈ অতি ফলপ্ৰসূ । দৰাচলতে চুলিত প্ৰয়োগ কৰা চিলিকনে চুলিৰ ওপৰত পানী থাকিব নিদিয়ে, যাৰ বাবে চুলিৰ পৰা পানী সোনকালে সৰি পৰে । কণ্ডিচনাৰ লগোৱাৰ লগতে বহল দাঁতযুক্ত ফণী ব্যৱহাৰ কৰাটোও উপকাৰী হ’ব । ইয়াৰ লগে লগে কণ্ডিচনাৰটো চুলিত সঠিকভাৱে প্ৰয়োগ কৰাই নহয়, আপোনাৰ চুলিও সহজে শুকাই যাব ।

মাইক্ৰ’ফাইবাৰ টাৱেল উপকাৰী

বহুতে বিশ্বাস কৰে যে, টাৱেলৰ সহায়ত চুলি সোনকালে শুকাই যায় । কিন্তু এই কথা সম্পূৰ্ণ সত্য নহয় । আচলতে টাৱেলেৰে চুলিখিনি মচিলে ঘৰ্ষণৰ ফলত চুলিবোৰ চিগিবলৈ আৰম্ভ কৰে(Blow Dry vs Towel) । এনে অৱস্থাত যদি আপুনি টাৱেলৰ সলনি মাইক্ৰ’ফাইবাৰ কাপোৰ ব্যৱহাৰ কৰে তেন্তে ইয়াৰ লাভ অধিক হ’ব । মাইক্ৰ’ফাইবাৰ কাপোৰৰ কোমল টেক্সচাৰত পানী সোনকালে শোষণ কৰাৰ ক্ষমতা থাকে (does blow drying cause hair loss)। ইয়াৰ লগতে চুলিত ঘৰ্ষণো কমি যাব, যাৰ বাবে চুলি নিচিগে ।

গা ধুওঁতে চুলিৰ পানী আঁতৰাই দিব লাগে

যদি আপুনি আপোনাৰ চুলি সোনকালে শুকুৱাব বিচাৰে তেন্তে গা ধুই থকাৰ সময়ত বাথৰুমত চুলিৰ পৰা অতিৰিক্ত পানী আঁতৰাবলৈ চেষ্টা কৰক । ইয়াৰ বাবে চুলি ধোৱাৰ পিছত হাতৰ সহায়ত চুলিখিনি টিপি সৰ্বাধিক পানী আঁতৰাই পেলাব লাগে । এনে কৰিলে আপোনাৰ চুলিখিনি বায়ু আৰু সূৰ্যৰ তাপৰ সংস্পৰ্শলৈ অহাৰ পিছত স্বয়ংক্ৰিয়ভাৱে সোনকালে শুকাই যাব ।

লগতে পঢ়ক:Skin Disease Vitiligo: চৰ্মৰোগ সঁচাকৈ বিয়পিব পাৰে নেকি ? ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক

ABOUT THE AUTHOR

...view details