অসম

assam

NAVRATRI 2022 DAY 4: মা কূষ্মাণ্ডাক এইদৰে পূজা কৰিলে দূৰ হ'ব অশান্তি আৰু নেতিবাচক চিন্তা

By

Published : Sep 29, 2022, 5:30 AM IST

Navaratri 2022 Day 4: know the rituals of offering puja

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয় (Durga Puja 2022)। এইবাৰ নৱৰাত্ৰী ২০২২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২২ চনৰ ৪ অক্টোবৰত শেষ হ’ব(Shardiya Navratri 2022) । আজি নৱৰাত্ৰিৰ চতুৰ্থটো দিন ৷ আজিৰ দিনটোৰ দূৰ্গা দেৱীৰ চতুৰ্থটো ৰূপ দেৱী কূষ্মাণ্ডাৰ পূজা কৰা হয় ৷ জানি লওক মা কূষ্মাণ্ডাৰ পূজাৰ বিধি আৰু মা স্বৰূপ ৷

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয়(Durga Puja 2022) । এইবাৰ নৱৰাত্ৰী ২০২২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২২ চনৰ ৪ অক্টোবৰত শেষ হ’ব(Shardiya Navratri 2022) । বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে । নৱৰাত্ৰিৰ এই ৯টা দিনত দেৱীৰ ৯টা ৰূপৰ পূজা কৰা হয়(Navratri 2022) ৷

শাস্ত্ৰত বৰ্ণনা কৰা মতে দেৱীৰ এই ৯টা ৰূপৰ নাম হ’ল–১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী । কোৱা হয় যে, নৱৰাত্ৰিত যিয়ে মাতৃৰ এই নটা ৰূপৰ বৰ্ণনা আৰু কাহিনী শ্ৰদ্ধাৰে শুনে বা পাঠ কৰে, তেতিয়া মাতৃ তেওঁৰ ওপৰত সন্তুষ্ট হয় আৰু তেওঁৰ বিশেষ কৃপা থাকে (Shardiya Navratri 2022) ।

মা কূষ্মাণ্ডাক এইদৰে পূজা কৰিলে দূৰ হ'ব অশান্তি আৰু নেতিবাচক চিন্তা

মা কূষ্মাণ্ডা কোন(who is kusmanda)

মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কূষ্মাণ্ডা । নিজৰ মৃদু-মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে তেখেতক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে । সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল । গতিকে এখেত হে হ’ল সৃষ্টিৰ আদি স্বৰূপা, আদি শক্তি । মা কুষ্মাণ্ডাৰ আঠখন হাত থকা বাবে এওক অষ্টভুজা দেৱী নামেৰেও অভিহিত কৰা হয় । মা কূষ্মাণ্ডাৰ সাতোখন হাতত আছে ক্ৰমে কমণ্ডলু, ধেনু, কাঁড়, কমল পুষ্প, অমৃত পূৰ্ণ কলহ, চক্ৰ আৰু গদা । সকলো সিদ্ধি আৰু নিধি প্ৰদান কৰোঁতা জপ মালা থাকে এখেতৰ বাওঁহাতত । মা কুষ্মাণ্ডাৰ বাহন হ’ল সিংহ । সংস্কৃত ভাষাত কূষ্মাণ্ডাৰ অৰ্থ হ’ল কোমোৰা । বলি সমূহৰ ভিতৰত কোমোৰা-বলি এখেতৰ আটাইতকৈ প্ৰিয় । নৱৰাত্ৰিৰ চতুৰ্থ দিনত এই কূষ্মাণ্ডা দেৱীৰ স্বৰূপৰ উপাসনা কৰা হয় ।

মা কূষ্মাণ্ডাক এইদৰে পূজা কৰিলে দূৰ হ'ব অশান্তি আৰু নেতিবাচক চিন্তা

কূষ্মাণ্ডা দেৱীৰ অলৌকিক স্বৰূপ(The miraculous form of Goddess Kushmanda)

ত্ৰিলোকত যেতিয়া অসুৰৰ আতংক বাঢ়ি গ’ল, তেতিয়া তেওঁলোকক শিক্ষা দিবলৈ মা কূষ্মাণ্ডাৰ জন্ম হ’ল । স্বামী অচ্যুতানন্দৰ ভাষাত, "যেনেকৈ মহাদেৱ সমুদ্ৰ মন্থনৰ সময়ত বিষপান কৰি নীলা হৈ পৰিছিল, তেনেদৰে জগজ্জ্জননী দুৰ্গা আধ্যাশক্তি দয়াত দ্ৰৱীভূত হৈ স্বেচ্ছাই নিজৰ শৰীৰত থকা সকলো তাপ শোষণ কৰি সন্তানক সকলো ধৰণৰ যন্ত্ৰণাৰ পৰা ৰক্ষা কৰে ।"

কাশীত আছে কূষ্মাণ্ডা দেৱীৰ মন্দিৰ এই মন্দিৰৰ ওচৰতে আছে কাশীৰ বিখ্যাত দুৰ্গাকুণ্ড মন্দিৰ । এই মন্দিৰত হিন্দু ধৰ্মৰ অবিশ্বাসীসকলৰ প্ৰৱেশ নিষিদ্ধ । কাশীৰ এই মন্দিৰতহে নিয়মীয়া বলিদান কৰা হয় নৱৰাত্ৰিৰ চতুৰ্থ দিনা এই মন্দিৰত ভক্তসকলে ভিৰ কৰেহি ৷

মা কূষ্মাণ্ডাক এইদৰে পূজা কৰিলে দূৰ হ'ব অশান্তি আৰু নেতিবাচক চিন্তা

পূজাৰ নিয়ম(The rules of worship)

পুৱা সোনকালে উঠি স্নান কৰি বগা বস্ত্ৰ পৰিধান কৰি সূৰ্য দেৱতাক জল নিবেদন কৰি ব্ৰতৰ প্ৰতিজ্ঞা গ্ৰহণ কৰক । তাৰ পিছত ব্ৰহ্মা, বিষ্ণু আৰু মহেশক মন্ত্ৰ পাঠ কৰক । তাৰ পিছত ফুল মালাৰে মা কুষ্মাণ্ডা জপ কৰক । কোৱা হয় যে মা কূষ্মাণ্ডাৰ উপাসনা কৰিলে অশান্তি আৰু নেতিবাচক চিন্তা দূৰ হয় ৷

লগতে পঢ়ক:NAVRATRI 2022 DAY 3:নৱৰাত্ৰিৰ তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ পূজাৰ বিধি, মন্ত্ৰ আৰু ভোগৰ পদ্ধতি জানি লওক

ABOUT THE AUTHOR

...view details