NAVRATRI 2022 DAY 3:নৱৰাত্ৰিৰ তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ পূজাৰ বিধি, মন্ত্ৰ আৰু ভোগৰ পদ্ধতি জানি লওক

author img

By

Published : Sep 28, 2022, 5:30 AM IST

navratri-2022-day-3-know-puja-vidhi-and-importance-of-goddess-devi-chandraghanta

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয় । এইবাৰ নৱৰাত্ৰী ২০২২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২২ চনৰ ৪ অক্টোবৰত শেষ হ’ব । বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে ।মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল 'চন্দ্ৰঘণ্টা'। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয় । জানক মা চন্দ্ৰঘণ্টাৰ পূজাৰ সময়, বিধি আৰু মন্ত্ৰ ৷

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ (Durga Puja 2022)৯টা ৰূপক পূজা কৰা হয় । এইবাৰ নৱৰাত্ৰী ২০২২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২২ চনৰ ৪ অক্টোবৰত শেষ হ’ব(Shardiya Navratri 2022) । বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে । নৱৰাত্ৰিৰ এই ৯টা দিনত দেৱীৰ ৯টা ৰূপৰ পূজা কৰা হয়(Navratri 2022) ৷

শাস্ত্ৰত বৰ্ণনা কৰা মতে দেৱীৰ এই ৯টা ৰূপৰ নাম হ’ল–১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী । কোৱা হয় যে, নৱৰাত্ৰিত যিয়ে মাতৃৰ এই নটা ৰূপৰ বৰ্ণনা আৰু কাহিনী শ্ৰদ্ধাৰে শুনে বা পাঠ কৰে, তেতিয়া মাতৃ তেওঁৰ ওপৰত সন্তুষ্ট হয় আৰু তেওঁৰ বিশেষ কৃপা থাকে (Shardiya Navratri 2022) ।

  • মা চন্দ্ৰঘণ্টা কোন (Who is Chandraghanta?)?
    NAVRATRI 2022 DAY 3 know puja vidhi and importance of GODDESS Devi Chandraghanta
    নৱৰাত্ৰিৰ তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ পূজাৰ বিধি, মন্ত্ৰ আৰু ভোগৰ পদ্ধতি জানি লওক

মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল 'চন্দ্ৰঘণ্টা'(NAVRATRI 2022 DAY 3)। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়(Devi Chandraghnata) । মা চন্দ্ৰঘণ্টাৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী । এওঁৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে । সেইকাৰণে তেওঁক 'চন্দ্ৰঘণ্টা' দেৱী’ বোলা হয় । মা চন্দ্ৰঘণ্টাৰ শৰীৰৰ বৰণ সুবৰ্ণৰ দৰে উজ্জ্বল । মা চন্দ্ৰঘণ্টা হৈছে দশভুজা । এই দহোখন হাত খৰ্গ আদি শস্ত্ৰৰে আৰু বাণ আদি অস্ত্ৰৰে বিভূষিত । যুদ্ধৰ বাবে সদায় সাজু হৈ থকা এখেতৰ ভাৱ-মুদ্ৰা! ঘণ্টাৰ নিচিনা এখেতৰ প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে । নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাৰ মহত্ত্ব অত্যধিক ।

  • দেৱী চন্দ্ৰঘণ্টাৰ অলৌকিক স্বৰূপ(The miraculous form of Goddess Chandraghanta):

শিৱ মহা পুৰাণৰ মতে, চন্দ্ৰঘণ্টা হৈছে চন্দ্ৰশেখৰৰ ৰূপত ভগৱান শিৱৰ শক্তি । শিৱৰ প্ৰতিটো ৰূপ শক্তিৰ সৈতে জড়িত । সেয়েহে তেওঁলোক হৈছে অৰ্ধনাৰীশ্বৰ ।

চন্দ্ৰঘণ্টাক দশভূজা ৰূপত চিত্ৰায়িত কৰা হয় । তেওঁ হাতত ত্ৰিশূল, গদা, ধনু-কাঁ‌ড়, খড়্গ (তৰোৱাল), পদুম ফুল, ঘণ্টা আৰু কমণ্ডলু ধাৰণ কৰে । তেওঁৰ এখন হাত বৰদা মুদ্ৰা অৰ্থাৎ আশীৰ্বাদৰ ভঙ্গী বা অভয়মুদ্ৰাত থাকে । তেওঁ বাঘ বা সিংহৰ ওপৰত আৰোহণ কৰে । মা চন্দ্ৰঘণ্টাৰ বাহন হ’ল সিংহ । তেওঁৰ বাহনে সাহসিকতাক প্ৰতিনিধিত্ব কৰে । তেওঁ কপালত ঘণ্টাৰ ৰূপত অৰ্ধচন্দ্ৰ পৰিধাণ কৰে আৰু তেওঁৰ ত্ৰিনেত্ৰ ।

navratri-2022-day-3-know-puja-vidhi-and-importance-of-goddess-devi-chandraghanta
নৱৰাত্ৰিৰ তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ পূজাৰ বিধি, মন্ত্ৰ আৰু ভোগৰ পদ্ধতি জানি লওক

দুৰ্গাৰ এই ৰূপটো আগৰ ৰূপবোৰতকৈ সম্পূৰ্ণ ভিন্ন । দেৱীৰ এই ৰূপটোৱে সূচায় যে প্ৰৰোচিত কৰিলে তেওঁ উন্মত্ত বা অশুভ হৈ উঠিব পাৰে । তেওঁৰ অশুভ ৰূপটোক চণ্ডী বা চামুণ্ডা দেৱী বুলিও কোৱা হয় । অন্য সময়ত তেওঁ শান্তিৰ প্ৰতিমূৰ্তি । চন্দ্ৰঘণ্টাক আদৰ আৰু উপাসনা কৰা ভক্তসকলে সহজে জীৱনত সফলতা অৰ্জন কৰে বুলি বিশ্বাস কৰা হয় । চন্দ্ৰঘণ্টা দুষ্টক নাশ কৰিবলৈ সদায়েই সাজু, কিন্তু তেওঁৰ ভক্তসকলৰ বাবে তেওঁ এগৰাকী দয়ালু আৰু সহানুভূতিশীল মাতৃ যি শান্তি আৰু সমৃদ্ধিৰ বৰ্ষণ কৰে ।

ৰাক্ষসৰ সৈতে হোৱা যুদ্ধৰ সময়ত দেৱীৰ ঘণ্টাৰ পৰা উৎপন্ন হোৱা ভয়ংকৰ শব্দই হাজাৰ হাজাৰ দুষ্ট ৰাক্ষসক মৃত্যুলোকলৈ প্ৰেৰণ কৰিছিল । তেওঁ কেতিয়াবা যুদ্ধংদেহি ৰূপত ভক্তসকলৰ শত্ৰুক নাশ কৰিবলৈ উদ্যত হৈ থাকে যাতে তেওঁলোকে শান্তি আৰু সমৃদ্ধিত জীয়াই ৰাখিব পাৰে । তেওঁৰ অনুগ্ৰহত ভক্তই দৈৱদৃষ্টি লাভ কৰে । যদি এজন ভক্তই দৈৱিক সুগন্ধি লাভ কৰে আৰু বিভিন্ন ধ্বনি শুনিবলৈ পায় তেন্তে তেওঁক দেৱী মাতৃয়ে আশীৰ্বাদ কৰে বুলি এক বিশ্বাস কৰে ।

  • দেৱী চন্দ্ৰঘণ্টাৰ পূজাৰ শুভ সময়(Goddess Chandraghanta puja timing):

ড্ৰিক পাঞ্চঙৰ মতে, শুভ সময়সূচী পুৱা ০২:২৮ বজাত (২৮ ছেপ্টেম্বৰ) আৰম্ভ হ’ব আৰু পুৱা ০১:২৭ বজাত (২৯ ছেপ্টেম্বৰ) শেষ হ’ব(Navratri 2022 date) । ব্ৰহ্ম মুহুৰ্তৰ শুভ সময় পুৱা ০৪:৩৬ বজাৰ পৰা আৰম্ভ হৈ ০৫:২৪ বজাত শেষ হয় । ৰাহু কালৰ অশুভ সময় বিয়লি ০৩:১২ বজাৰ পৰা বিয়লি ০৪:৪২ বজালৈ থাকিব(Navratri Tritiya Tithi Date) ৷

  • দেৱী চন্দ্ৰঘণ্টাৰ পূজা মন্ত্ৰ আৰু ধ্যান(Mantras and meditations for the worship of Goddess Chandraghanta):

ওঁ দেৱী চন্দ্ৰঘণ্টায়ে নমঃ

"পিণ্ডজ প্ৰবৰাৰুঢ়া চণ্ডকোপাস্ত্ৰকৈৰ্যুতা। প্ৰসীদম তনুতে মহয়ং চন্দ্ৰঘণ্টেতি বিশ্ৰুতা॥"

  • দেৱী চন্দ্ৰঘণ্টাৰ পূজা বিধি(Devi Chandraghanta Puja Vidhi):

নৱৰাত্ৰিৰ তৃতীয় দিনা ব্ৰহ্মমুহূৰ্তত উঠি স্নান আদি কৰি পূজাস্থলী পৰিষ্কাৰ কৰিব লাগে(Devi Chandraghnata Puja Vidhi) । পূজাৰ আৰম্ভণিতে দেৱী চন্দ্ৰঘন্তৰ মূৰ্তিক কেশৰ (Kesar), গংগা জল (Ganga Jal) আৰু কেৱৰা (Kewra water)ত স্নান কৰি কাঠৰ টেবুল এখনত থৈ দিয়া হয় ।

তাৰ পিছত দৈনন্দিন পূজা-অৰ্চনাৰে ‘ওঁ দেৱী চন্দ্ৰঘণ্টায়ে নমঃ’ মন্ত্ৰ জপ কৰক । ইয়াৰ পিছত মাতৃক সুগন্ধি, ফুল, ধূপ, অক্ষত, ৰঙা ৰঙৰ ৰস অৰ্পণ কৰি গাখীৰৰ পৰা তৈয়াৰী মিঠাই আগবঢ়াব । ইয়াৰ পিছত দূৰ্গা সপ্তশতি, দুৰ্গা চলিছা আৰু আৰতি কৰে ।

  • পূজাৰ মহত্ব(The importance of worship):

মা চন্দ্ৰঘণ্টাৰ পূজা কৰিলে সাধকৰ সকলো দুখ-যন্ত্ৰণা দূৰ হয় আৰু তেওঁ নিৰ্ভীক আৰু সাহসী হৈ পৰে । দেৱীক পূজা কৰিলে মানুহৰ মুখ, চকু আৰু দেহৰ ইতিবাচক বিকাশ ঘটে । ইয়াৰ লগে লগে বুদ্ধি আৰু জ্ঞানো বৃদ্ধি পায় ।

navratri-2022-day-3-know-puja-vidhi-and-importance-of-goddess-devi-chandraghanta
নৱৰাত্ৰিৰ তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ পূজাৰ বিধি, মন্ত্ৰ আৰু ভোগৰ পদ্ধতি জানি লওক
  • এই ৰং ব্যৱহাৰ কৰক(Use this color):

শাস্ত্ৰমতে, দেৱীক পূজা কৰাৰ সময়ত বাদামী ৰঙৰ(Buff Colour) কাপোৰ পৰিধান কৰিলে এজন ব্যক্তিৰ বাবে অতি ফলদায়ক বুলি কোৱা হয় । লগতে সোণালী ৰঙৰ কাপোৰ পিন্ধিব পাৰে । আজিৰ দিনটোত এই দুয়োটা ৰং শুভ বুলি গণ্য কৰা হয় । ইয়াৰ লগতে ভক্তসকলে আজিৰ দিনটোত গাখীৰৰ পৰা তৈয়াৰী মিঠাই আগবঢ়াব পাৰে । মৌও(Honey) মা চন্দ্ৰঘণ্টাৰ বৰ প্ৰিয় ।

লগতে পঢ়ক: Navratri 2022 Day 2: কোন আছিল মা ব্ৰহ্মচাৰিণী ? জানি লওক পূজাৰ সমস্ত বিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.