অসম

assam

Migraine Pain : গ্ৰীষ্মকালীন গৰমৰ ফলত হোৱা মূৰৰ বিষৰ পৰা কেনেকৈ মুক্তি পাব ? জানি লওক

By

Published : May 21, 2023, 12:07 PM IST

How to Get Rid of Headache Caused by Summer Heat

বৰ্তমান সময়ত প্ৰায় মানুহৰ মূৰৰ বিষ হোৱা দেখা যায় ৷ বিশেষকৈ গৰমৰ দিনত মূৰৰ বিষ অত্যন্ত সাধাৰণ । এই বিষ কিয় হয় আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব জানি লওক ৷

অতিমাত্ৰা গৰম আৰু প্ৰবল সূৰ্যৰ পোহৰৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰত দেখা পোৱা যায় । এই বতৰত অলপ সময় ঘৰৰ বাহিৰত থাকিলেই মূৰৰ বিষে দেখা দিয়ে । গ্ৰীষ্মকালৰ এই বতৰ মাইগ্ৰেইন ৰোগীৰ বাবে অতি কষ্টকৰ । গৰম আৰু সূৰ্যৰ পোহৰৰ বাবে মাইগ্ৰেইনৰ বিষ অধিক আমনিদায়ক হয় । ইয়াৰ মুখ্য় কাৰণ হ’ব পাৰে ডিহাইড্ৰেচন (Headache Caused by Summer Heat)।

আচলতে গ্ৰীষ্মকালত শৰীৰৰ পৰা অধিক ঘাম ওলায় আৰু ইলেক্ট্ৰলাইটৰ অভাৱ হয় (Migraine Pain)। স্বাস্থ্য বিশেষজ্ঞৰ মতে, গ্ৰীষ্মকালত শৰীৰক হাইড্ৰেট কৰি ৰাখিলে মাইগ্ৰেইনৰ পৰা হাত সাৰিব পাৰি । ইয়াৰ বাবে সময়ে সময়ে পানী সেৱন কৰি থকাটো বাধ্যতামূলক ৷ শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱ সম্পূৰ্ণ কৰিবলৈ ইয়াৰ বাবে নেমু পানী খাব লাগে ।

যদি আপুনি মাইগ্ৰেইনৰ পৰা বাছিব খোজে তেন্তে কৰক এই কাম

স্বাস্থ্য বিশেষজ্ঞৰ মতে, ORS, গ্লুক’জ,নেমুৰ পানীয়ে গৰমৰ দিনত মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব ৷ ইয়াৰ ফলত শৰীৰ হাইড্ৰেটেড হৈ থাকে আৰু মূৰৰ বিষৰ পৰা উপশম পায় । বিশেষজ্ঞসকলে কয় যে গ্ৰীষ্মকালত মূৰৰ বিষৰ বহু কাৰণ হ’ব পাৰে (Migraine pain symptoms)। গতিকে জানো আহক এই কাৰণসমূহ ...

ডিহাইড্ৰেচনৰ ফলত হ’ব পাৰে মাইগ্ৰেইন

স্বাস্থ্য বিশেষজ্ঞৰ মতে, ডিহাইড্ৰেচন বাবে মাইগ্ৰেইনৰ সমস্যা হ’ব পাৰে । ইয়াৰ ফলত মগজুলৈ তেজৰ যোগান কমি যায় । ইয়াৰ কাৰণে ৰক্তবাহী নলীবোৰ সংকীৰ্ণ হৈ পৰে আৰু পিছলৈও বিয়পি পৰে। ইয়াৰ বাবেই মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যা হয় ।

পুষ্টিৰ অভাৱ

চিকিৎসকৰ মতে, গ্ৰীষ্মকালত মাইগ্ৰেইনৰ বিষ পুষ্টিৰ অভাৱৰ বাবেও হ’ব পাৰে । শৰীৰত ভিটামিন ডি, আইৰণ আৰু মেগনেছিয়ামৰ অভাৱত মূৰৰ বিষ হয় । সেইবাবেই খাদ্যৰ তালিকাত বহুতো পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰিব লাগে ।

এই কাৰণসমূহ মাইগ্ৰেইনৰ বাবেও দায়ী

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, গ্ৰীষ্মকালত উচ্চ উষ্ণতা, আৰ্দ্ৰতা আৰু দীৰ্ঘ সময় ধৰি ৰ’দত থাকিলে ডিহাইড্ৰেচন, ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্যহীনতা আৰু টোপনিৰ অভাৱ হয়, এই সকলোবোৰে মাইগ্ৰেইনৰ বিষৰ সূচনা কৰে ।

মাইগ্ৰেইনৰ সাধাৰণ কাৰণ

মানসিক চাপ

হৰম’নৰ পৰিৱৰ্তন

টোপনিৰ অভাৱ

কেফেইন গ্ৰহণ কৰা

বতৰৰ পৰিৱৰ্তন

পোহৰ, শব্দ বা গোন্ধ

লগতে পঢ়ক:Urination Issue: পানী কম খোৱাৰ পিচতো সঘনাই প্ৰস্ৰাৱ হোৱা অনুভৱ হয় নেকি ? তেতিয়াহ’লে সাৱধান !

ABOUT THE AUTHOR

...view details