Urination Issue: পানী কম খোৱাৰ পিচতো সঘনাই প্ৰস্ৰাৱ হোৱা অনুভৱ হয় নেকি ? তেতিয়াহ’লে সাৱধান !

author img

By

Published : May 21, 2023, 10:43 AM IST

Do you also feel frequent urination despite drinking less water ?

পানী কমকৈ সেৱন কৰাৰ পিচতো সঘনাই প্ৰস্ৰাৱ অনুভৱ কৰে নেকি ? তেন্তে ই ডায়েবেটিছৰ লক্ষণ কিম্বা অন্য গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে । গতিকে এই প্ৰতিবেদনত জানি লওক কিয় এনেকুৱা হয় ৷

গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে নিজকে হাইড্ৰেটেড কৰি ৰাখিবলৈ আমি বেছিকৈ পানী খাওঁ ৷ ফলত আমাৰ দেহত পানীৰ পৰিমাণ বৃদ্ধি পায় । শৰীৰত পানী বেছি হ’লে সঘনাই প্ৰস্ৰাৱ কৰাৰ অনুভৱো হয় । গৰমৰ দিনত ৫ৰ পৰা ৮ বাৰ প্ৰস্ৰাৱ কৰাটো অতি সাধাৰণ কথা । কিন্তু আজি আমি কথা পাতিম কিছুমান মানুহৰ ক্ষেত্ৰত কম পানী সেৱন কৰা স্বত্বেও কেইঘণ্টামানৰ ব্যৱধানত বাৰে বাৰে প্ৰস্ৰাৱ লগা যেন অনুভৱ হয় ৷

যদি এনেকুৱা আপোনাৰ লগতো হৈ আছে তেন্তে সাৱধান (Urination Issue) ৷ ই এক গুৰুতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে । কিয় এনেকুৱা হয় ? ইয়াৰ আঁৰৰ কাৰণ কি ? সেয়া কম আজিৰ এই প্ৰতিবেদনত (Urinary Problems Symptoms) ৷

সঘনাই প্ৰস্ৰাৱ কৰাৰ কাৰণ

১) ইউটিআই অৰ্থাৎ প্ৰস্ৰাৱৰ সংক্ৰমণৰ সমস্যা হ’লেও সঘনাই প্ৰস্ৰাৱ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয় । আচলতে সংক্ৰমণৰ বাবে মূত্ৰাশয় ফুলি উঠে । ইয়াৰ বাবেই প্ৰস্ৰাৱ সংগ্ৰহ কৰিব নোৱাৰে। সেইবাবেই বৃক্কে তৰল পদাৰ্থটো ফিল্টাৰ কৰাৰ লগে লগে প্ৰস্ৰাৱ অহাৰ অনুভৱ হয় (Urinary problems) ।

২) যদি আপুনি পানী কমকৈ খায়, তথাপিও আপুনি সঘনাই প্ৰস্ৰাৱ হোৱা অনুভৱ কৰে, তেন্তে ই ডায়েবেটিছৰ লক্ষণো হ’ব পাৰে । কাৰণ ডায়েবেটিছ ৰোগীয়ে বাৰে বাৰে শৌচাগাৰলৈ যাবলগীয়া হয় । টাইপ ২ ডায়েবেটিছ ৰোগীয়ে এই সমস্যাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হয় (What causes frequent urination) ।

৩) পানী নোখোৱাকৈ যদি বাৰে বাৰে ৱাশ্বৰুমলৈ যাবলগীয়া হয়, তেন্তে ইয়াৰ কাৰণ হ’ব পাৰে যে প্ৰস্ৰাৱৰ মূত্ৰাশয় অধিক সক্ৰিয় হয় । ইয়াৰ বাহিৰেও যেতিয়া মূত্ৰাশয়ৰ প্ৰস্ৰাৱ সংগ্ৰহৰ ক্ষমতা কমিবলৈ আৰম্ভ কৰে বা ইয়াৰ ওপৰত চাপ পৰে, তেতিয়া এই সমস্যাও দেখা দিয়ে।

৪) যদি আপুনি বাৰে বাৰে ৱাশ্বৰুমলৈ যাবলগীয়া হয় তেন্তে আপোনাৰ কিডনীত সংক্ৰমণ হ’ব পাৰে । যদি বৃক্কৰ সংক্ৰমণৰ বাবে সঘনাই শৌচাগাৰলৈ যোৱা পৰিস্থিতিৰ উদ্ভৱ হয় তেন্তে তৎক্ষণাত বৃক্ক পৰীক্ষা কৰাব লাগে । যেতিয়া বৃক্কৰ ফিল্টাৰ ক্ষতিগ্ৰস্ত হয় তেতিয়া বাৰে বাৰে প্ৰস্ৰাৱ অনুভৱ হয় (Frequent urination causes)।

৫) পুৰুষৰ যদি সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা হয়, তেন্তে ইয়াক প্ৰষ্টেট গ্ৰন্থি বৃদ্ধিৰ দিশতো ইংগিত দিব পাৰি । উল্লেখ্য যে পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেট হৈছে মূত্ৰাশয়ৰ তলৰ অংশত মূত্ৰনলীৰ চাৰিওফালে থকা এটা গ্ৰন্থি । এই গ্ৰন্থিটো গোটেই জীৱন বৃদ্ধি পাই থাকে কিন্তু যেতিয়া অতিমাত্ৰাত ডাঙৰ হ’বলৈ আৰম্ভ কৰে তেতিয়া ই প্ৰস্ৰাৱ নলীত হেঁচা প্ৰয়োগ কৰে ।

৬) পেলভিক ৰিজিঅ’ন উইকৰ বাবেও প্ৰস্ৰাৱ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয় । এই সমস্যাত প্ৰস্ৰাৱ বহুসময় ধৰি ৰখাটো কঠিন হৈ পৰে ।

লগতে পঢ়ক: Health Tips: বিশ্বৰ ১০বিধ স্বাস্থ্যকৰ খাদ্য; সুস্থ হৈ থাকিবলৈ আজিয়েই অন্তৰ্ভুক্ত কৰক খাদ্যৰ তালিকাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.