অসম

assam

বেছি ওজনৰ লোকৰ ক্ষেত্ৰত COVID প্ৰতিষেধক বেছি কাৰ্যকৰী

By

Published : Jul 3, 2022, 4:50 PM IST

দ্য লেঞ্চেট ডায়েবেটিচ এণ্ড এণ্ডোক্ৰিনোলজীত প্ৰকাশিত এক অধ্যয়ন (The Lancet Diabetes and Endocrinology study)অনুসৰি, ক'ভিড-১৯ প্ৰতিষেধকৰ কাৰ্যকৰীতা ভিন্ন ওজনৰ লোকৰ ক্ষেত্ৰত প্ৰায় একে । অৱশ্যে কম ওজনৰ লোকৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কিছু কম ।

COVID VAX
বেছি ওজনৰ লোকৰ ক্ষেত্ৰত COVID প্ৰতিষেধক বেছি কাৰ্যকৰী

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দ্বিতীয় পালিৰ কমেও ১৪ দিন পিছত টীকাকৰণ নোহোৱা লোক আৰু টীকাকৰণ কৰা লোকৰ গুৰুতৰ ৰোগৰ আশংকাসমূহ অধ্যয়ন কৰিছিল । এই অধ্যয়নে দেখুৱাইছিল যে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা শৰীৰৰ আকাৰ ভেদে সকলোৰে ক্ষেত্ৰত গুৰুতৰ ৰোগৰ আশংকা হ্ৰাস কৰে । অৱশ্যে কম ওজনৰ লোকৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ কিছু কম ।

অধ্যয়নত দেখা গৈছে যে কম ওজনৰ টীকাকৰণ কৰা লোকসকলৰ তুলনাত একে বিএমআইৰ (Body Mass Index) টীকাকৰণ নোহোৱা লোকৰ চিকিৎসালয়ত ভৰ্তি হোৱা বা মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰায় আধা । গৱেষকসকলৰ মতে, ইয়াৰ কাৰণ হ'ব পাৰে যে কম ওজনৰ লোকসকলৰ টীকাকৰণ কৰাৰ সম্ভাৱনা আটাইতকৈ কম আছিল । ইয়াৰ উপৰিও দুৰ্বল বা কম ওজনৰ সৈতে জড়িত অন্যান্য সমস্যাৰ বাবে ৰোগ প্ৰতিৰোধ সঁহাৰি হ্ৰাস হোৱাটোও হ'ব পাৰে । বিএমআই আৰু ৰোগ প্ৰতিৰোধ সঁহাৰিৰ মাজৰ সম্পৰ্ক অন্বেষণ কৰিবলৈ আৰু অধিক গৱেষণাৰ প্ৰয়োজন বুলি গৱেষকসকলে উল্লেখ কৰে ।

ইয়াৰ বিপৰীতে, টীকাকৰণ কৰা স্বাস্থ্যৱান আৰু উচ্চ বিএমআই শ্ৰেণীৰ লোকসকলৰ টীকাকৰণ কৰা লোকসকল টীকাকৰণ নোহোৱা লোকৰ তুলনাত চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা প্ৰায় ৭০ শতাংশ কম আছিল । স্বাস্থ্যকৰ বা উচ্চ বিএমআই থকা যিসকল লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে তেওঁলোকৰ দ্বিতীয় পালিৰ দুসপ্তাহ পিছত টীকাকৰণ নোহোৱাসকলৰ তুলনাত মৃত্যু হোৱাৰ সম্ভাৱনাও প্ৰায় দুই-তৃতীয়াংশ কম আছিল ।

অক্সফৰ্ডৰ নুফিল্ড প্ৰাথমিক যত্ন স্বাস্থ্য বিজ্ঞান বিভাগৰ মুখ্য লেখক ডঃ কাৰমেন পিয়েৰনাছে এই ক্ষেত্ৰত কয় যে তেওঁলোকৰ ফলাফলে এইটো প্ৰমাণ কৰিছে যে ক'ভিড-19 প্ৰতিষেধকে সকলো আকাৰৰ লোকৰ জীৱন ৰক্ষা কৰে । ফলাফলে মেদবহুলতা থকা লোকসকলকো আশ্বাস প্ৰদান কৰি কয় যে ক'ভিড-19 প্ৰতিষেধক কম বিএমআই থকা লোকসকলৰ দৰে মেদবহুলতা থকা লোকৰ বাবেও সমানে কাৰ্যকৰী আৰু ক'ভিডত আক্ৰান্ত হ'লেও টীকাকৰণে তেওঁলোকৰ গুৰুতৰ ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰে ।

এই তথ্যবোৰে কম বিএমআই থকা লোকসকলৰ টীকাকৰণ প্ৰক্ৰিয়া বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । যিটো সময়ত উচ্চ বিএমআই থকা লোকৰ তুলনাত কম বিএমআই থকা লোকসকলৰ বৰ্তমান টীকাকৰণৰ হাৰ কম ।

উল্লেখ্য যে, অধ্যয়নটো (Lancet Diabetes and Endocrinology study on covid vaccine effect) ৯,১৭১,৫২৪ গৰাকী ৰোগীৰ ওপৰত কৰা হৈছিল । সেইসকল ভিতৰত আছে, যিসকলৰ বয়স ১৮ বছৰতকৈ অধিক আছিল, তেওঁলোকৰ বিএমআই তথ্য আছিল আৰু ২০২০ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০২১ চনৰ ১৭ নৱেম্বৰলৈ ক'ভিডত আক্ৰান্ত হোৱা নাছিল । লোকসকলক তেওঁলোকৰ বিএমআইৰ ওপৰত নিৰ্ভৰ কৰি ভাগ কৰা হৈছিল ।

অধ্য়য়নত দেখা গৈছিল যে, প্ৰতিষেধকৰ দুটা পালিৰ পিছত স্বাস্থ্যৱান লোকৰ তুলনাত নিম্ন আৰু উচ্চ বিএমআই থকা লোকসকলৰ গুৰুতৰ ৰোগৰ আশংকা যথেষ্ট বেছি আছিল । উদাহৰণ স্বৰূপে, যাৰ বিএমআই ২৩ আছিল তেওঁলোকৰ তুলনাত ১৭ বিএমআইৰ লোকসকল চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিপদাশংকা ৫০ শতাংশ বৃদ্ধি পাইছিল । আনহাতে স্বাস্থ্যৱান লোকৰ তুলনাত ৪৪ বিএমআইৰ লোকৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ আশংকা তিনিগুণ আছিল ।

অৱশ্যে মেদবহুলতা থকা লোকসকলৰ বৰ্ধিত বিপদাশংকাৰ কাৰণ অজ্ঞাত যদিও উচ্চ বিএমআইৰ লোকসকলৰ ঋতুকালীন ফ্লু সংক্ৰমণৰ হাৰ বেছি আছিল । গৱেষকৰ দলটোৱে ধাৰণা কৰা মতে ওজন বেছি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত পৰিৱৰ্তিত ৰোগ প্ৰতিৰোধ সঁহাৰি ইয়াৰ বাবে দায়ী হ'ব পাৰে ।

লগতে পঢ়ক :দম্পতীৰ মাজত আৱেগিক দূৰত্ব কেতিয়া বাঢ়ে ?

ABOUT THE AUTHOR

...view details