অসম

assam

কম খৰচতে কৰক উত্তৰ-পূব ভাৰতৰ কিছু মনোমোহা ঠাইৰ ভ্ৰমণ

By

Published : Sep 23, 2022, 5:21 PM IST

ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ পাহাৰ, সেউজীয়া উপত্যকা, নদীৰ বাবে সমগ্ৰ বিশ্বৰ পৰ্যটক সকলৰ মাজত অতিকৈ জনপ্ৰিয় । উত্তৰ-পূবৰ ৰাজ্য সমূহৰ সাংস্কৃতিক বৈচিত্ৰ্য, ট্ৰেকিং বন্য জীৱ জন্তু, প্ৰাকৃতিক পৰিৱেশ, বৰফেৰে আবৃত পৰ্বতৰ বাবে সদায়ে জনপ্ৰিয় হৈ আহিছে । আপুনিও যদি উত্তৰ-পূবৰ ঠাই সমূহলৈ যাবলৈ হ’লে এই সমূহ ঠাইলৈ যাব পাৰে-

Best places to visit in north east india
কম খৰচতে কৰক উত্তৰ-পূব ভাৰতৰ কিছু মনোমোহা ঠাইৰ ভ্ৰমণ

ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ পাহাৰ, সেউজীয়া উপত্যকা, নদীৰ বাবে সমগ্ৰ বিশ্বৰ পৰ্যটক সকলৰ মাজত অতিকৈ জনপ্ৰিয় । উত্তৰ-পূবৰ ৰাজ্য সমূহৰ সাংস্কৃতিক বৈচিত্ৰ্য, ট্ৰেকিং বন্য জীৱ জন্তু, প্ৰাকৃতিক পৰিৱেশ, বৰফেৰে আবৃত পৰ্বতৰ বাবে সদায়ে জনপ্ৰিয় হৈ আহিছে । আপুনিও যদি উত্তৰ-পূবৰ ঠাই সমূহলৈ যাবলৈ হ’লে এই সমূহ ঠাইলৈ যাব পাৰে-

  1. নাথুলা পাচ, চিকিম(Nathula Mountain pass in Sikkim): সমুদ্ৰ তলৰ পৰা ১৪,৪৫০ ফুট উচ্চতাত থকা নাথুলা পাছ হৈছে উত্তৰ-পূবৰ এক জনপ্ৰিয় পৰ্যটন স্থল ৷ এই পৰ্যটন স্থলীলৈ যাবলৈ হ’লে শিলিগুৰিৰ বাগডোগ্ৰা বিমানবন্দৰলৈ বিমানেৰে গৈ তাৰ পৰা টেক্সী ভাড়াত লৈ আপুনি নাথুলা পাছলৈ যাব পাৰে । অথবা ৰে’লেৰে গৈ নিউ জলপাইগুৰি ৰে’লৱে ষ্টেচনত নামি তাৰ পৰা এখন টেক্সী ভাড়াত লৈও যাব পাৰে। নাথুলা পাছলৈ আপুনি যিকোনো সময়তে গ’লেই তাত বৰফ উপভোগ কৰিবলৈ পাব ।
    নাথুলা পাচ, চিকিম
  2. তচমগো লেক, চিকিম(Tsongmo Lake in Sikkim): চিকিমৰ আন এটা পৰ্যটন স্থলী হৈছে তচমগো লেক অথবা চাংগু লেক । হ্ৰদটো ১২,৪০০ ফুট উচ্চতাত আছে আৰু এই হ্ৰদটোৰ চাৰিওফালে গোটেই বছৰে বৰফেৰে আবৃত হৈ থাকে । বসন্তৰ শেষৰ ফালে সম্পূৰ্ণ হ্ৰদটো ফুলেৰে জাতিষ্কাৰ হৈ পৰে। বছৰটোৰ যিকোনো সময়তে হ্ৰদটোলৈ যাব পাৰি। এই হ্ৰদটোলৈ যাবলৈ হ’লে নিউ জলপাইগুৰি ৰে’লৱে ষ্টেচন বা বাগডোগ্ৰা বিমানবন্দৰলৈ গৈ তাৰ পৰা টেক্সী ভাড়া লৈ যাব পাৰে ।
    তচমগো লেক, চিকিম
  3. মাজুলী, অসম(Majuli in Assam): মুখা শিল্প আৰু সত্ৰ-সংস্কৃতিৰ বাবে জনাজাত সত্ৰ নগৰী মাজুলী । বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপটো বেছিভাগ জনজাতীয় লোকেই বাস কৰে । ব্ৰহ্মপুত্ৰৰ নদীৰ মাজত থকা এই দ্বীপটো উত্তৰ-পূবৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটনৰ স্থলী বুলি বিবেচিত হৈছে । এই দ্বীপটোলৈ আপুনি গোটেই বছৰটোৱে যাব পাৰে । ইয়ালৈ যাবৰ বাবে যোৰহাট বিমানবন্দৰৰ পৰা বিমানেৰে গৈ তাৰ পৰা টেক্সী বা বাছেৰেও যাব পাৰে ।
    মাজুলী, অসম
  4. গোৰিচেন শৃংগ, অৰুণাচল প্ৰদেশ(Gori Chen Mountain in Arunachal Pradesh):অৰুণাচল প্ৰদেশৰ এটা জনপ্ৰিয় পৰ্যটন স্থলী হৈছে গোৰিচেন শৃংগ । অৰুণাচল প্ৰদেশৰ গোৰিচেন শৃংগৰ উচ্চতা হৈছে ২২,৫০০ ফুট । প্ৰায়ে বৰফেৰে আৱৰি থকা শৃংগটোৱে স্থানীয় মনপা জনজাতিৰ বাবে ধৰ্মীয় গুৰুত্ব বহন কৰে। পৰ্যটক সকলৰ বাবে ট্ৰেকিং কৰিবৰ বাবে এই গোৰিচেন শৃংগ আটাইতকৈ আকৰ্ষণীয় । এই শৃংগটোলৈ যাবৰ বাবে এপ্ৰিলৰ পৰা অক্টোবৰ মাহৰ ভিতৰত যাব পাৰে । তেজপুৰৰ শালনীবাৰী বিমানবন্দৰলৈকে বিমানত গৈ তাৰ পৰা টেক্সী বা বাছটো যাব পাৰে । অথবা উত্তৰ ৰঙাপাৰা ৰে’লৱে ষ্টেচনৰ পৰাও গাড়ী ভাড়া কৰি যাব পাৰে ।
    গোৰিচেন শৃংগ, অৰুণাচল প্ৰদেশ

ABOUT THE AUTHOR

...view details