Durga puja special: দূৰ্গা পূজালৈ বুলি পুৰুষ-মহিলাই কিদৰে ল'ব ছালৰ যতন

author img

By

Published : Sep 21, 2022, 9:36 PM IST

Some beauty tips to be ready for Durga puja

দুৰ্গা পূজা একেবাৰেই কাষ চাপি আহিছে, পূজালৈ মাজত আৰু মাথো কেইটামান দিন । পূজালৈ বুলি মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে আমি আপোনাৰ বাবে লৈ আহিছো কিছুমান সৌন্দৰ্য বিশেষ টিপছ-

দুৰ্গা পূজা একেবাৰেই কাষ চাপি আহিছে, পূজালৈ মাজত আৰু মাথো কেইটামান দিন । দেশৰ লগতে বঙালীসকলে অতি হেঁপাহেৰে বাট চাই থকা উৎসৱসমূহৰ ভিতৰত অন্যতম হৈছে দুৰ্গা পূজা ৷ বিগত বৰ্ষত ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে সকলোৱে অতি বিষণ্ণ মনেৰে মা দুৰ্গাক বিদায় জনাবলগীয়া হৈছিল ৷ কিন্তু এইবেলি পুনৰ মাক আদৰিবলৈ সকলো সাজু হৈছে ৷

বৰ্তমান পূজালৈ বুলি সকলো ব্যস্ত হৈ পৰিছে নতুন নতুন সাজ পোছাক ক্ৰয় কৰাত ।

কোনো আকৌ ব্যস্ত নিজৰ ছাল -চুলিক লৈ । আজিকালি পুৰুষ-মহিলা সকলো উভয়ে নিজক সজাবলৈ ভাল পাই । ভাল ছাল-চুলিৰগৰাকী হবলৈ কাৰনো মন নাযায় । পূজালৈ বুলি মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে আমি আপোনাৰ বাবে লৈ আহিছো কিছুমান সৌন্দৰ্য বিশেষ টিপছ-

  • পূজাৰ সৌন্দৰ্য চৰ্চাৰ বাবে ঘৰতে চেনী, চাউল, নিমখ বা ওটছৰ দৰে সৰল দানাযুক্ত পাউডাৰেৰে স্ক্ৰাব প্ৰস্তুত কৰিব পাৰে ।
  • ইয়াৰে যিকোনো এবিধ পাউডাৰ জলফাই তেল, নাৰিকল তেল বা নেমুৰ ৰসৰ সৈতে মিহলি কৰি স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰে । পূজালৈ মাথো কেইটামান দিন থকা অৱস্থাত এই স্ক্ৰাব আপোনাৰ ছালত প্ৰতিদিনে এবাৰকৈ ব্যৱহাৰ কৰিব পাৰে ।
  • চকুৰ যত্ন লোৱাৰো খুবেই প্ৰয়োজন। টোপনি যোৱাৰ ৩০ মিনিট পূৰ্বে বৰফ লগাব পাৰে, নাইবা তিয়ঁহৰ ৰস কপাহত লগাই শুব পাৰে ।
  • নিশাৰ শুৱাৰ সময়ত ছাল-চুলি অধিক সক্ৰিয় হৈ পৰে আৰু ই অতি নিজেই সকলো প্ৰকাৰৰ ক্ষয় ক্ষতি ভাল কৰিবৰ বাবে কাম কৰে ।
  • সেয়ে এই সময়ত অধিক মন দিব লাগি ছাল -চুলিৰ পৰিচৰ্যাৰ বাবে। অন্য নহলেও নিশা শুৱাৰ ময়ত ই-ভিটামিন লগাই শুব পাৰে ।

লগতে পঢ়ক: উত্তম খাদ্য প্ৰণালীৰ সৈতে লওক চুলিৰ যত্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.