অসম

assam

ওদালগুৰিত কৰ'ণা মুক্ত ৰোগীৰ সংখ্যা ৬১ জনলৈ বৃদ্ধি

By

Published : Jun 14, 2020, 9:36 PM IST

ওদালগুৰিত পুনৰ কৰ'ণা মুক্ত হ'ল ১২ গৰাকী লোক। সুস্থ হোৱা আটাইয়ে ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । বৰ্তমানলৈ ওদালগুৰিত ৯৮ জন লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি চিনাক্ত হৈছে ।

12 Corona patient discharge in udalguri hospital
12 Corona patient discharge in udalguri hospital

ওদালগুৰি, ১৪ জুন : ওদালগুৰিত পুনৰ কৰ'ণা মুক্ত হ'ল ১২ গৰাকী লোক। কৰ'ণা মুক্ত হোৱা লোক কেইজন হ'ল জিলা খনৰ আম্বু তাঁতি , আনচাৰ আলি , আশ্ৰাফুল আলম, বিকাশ সোণাৰ, বুদ্ধ মহালি, হিলাৰিউচ দুংদুং, প্ৰৱীন ভূমিজ, পান্না সৰকাৰ, ছাদ্দাম হুছেইন, টেক বাহাদুৰ সোণাৰ, উদেশ মুণ্ডা, বিশাল ছেত্ৰী বুলি জানিব পৰা গৈছে । কোৱাৰেন্টাইন চেন্টাৰত থকা অৱস্থাতে লোক কেইজন কোভিড-১৯ত আক্ৰান্ত বুলি ফলাফল অহাত ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল লোক কেইজন।

ওদালগুৰিত কৰ'ণা মুক্ত ৰোগীৰ সংখ্যা ৬১ জনলৈ বৃদ্ধি

দেওবাৰে চিকিৎসকে হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ প্ৰদান কৰি সুস্থ হোৱা আটাইকে ঘৰলৈ যাবলৈ অনুমতি দিয়ে। চিকিৎসালয়খনৰ পৰা এই পৰ্যন্ত মুঠ ৬১ গৰাকী ৰোগী কৰ'ণা মুক্ত হৈ ঘৰলৈ উভতিছে।

ওদালগুৰিত কৰ'ণা মুক্ত ৰোগীৰ সংখ্যা ৬১ জনলৈ বৃদ্ধি

আনহাতে, চিকিৎসালয় খনত চিকিৎসাধীন হৈ আছে ৩৯ গৰাকী ৰোগী।
উল্লেখযোগ্য যে, ওদালগুৰি জিলাৰ এই পৰ্যন্ত ৯৮ জন লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি চিনাক্ত হৈছে ।

লগতে পঢ়ক : ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ বিধায়ক অতুল বৰা

ABOUT THE AUTHOR

...view details