অসম

assam

বৰডুমচাত আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক

By

Published : Feb 5, 2022, 10:27 AM IST

আলফা স্বাধীনে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰি থকাৰ সময়তে উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাৰ বহু যুৱক-যুৱতী নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোৰ প্ৰতি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে৷ এনে সময়তে বৰডুমচাৰ ভাৰতীয় সেনা বাহিনীৰ ১৪ নং অসম ৰাইফলছে বৰডুমচাত অভিযান চলাই আলফাত যোগদানৰ বাবে যোৱা তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় (Youth Arrested for Planning to Join ULFA I ) ।

3-boys-arrested-for-planning-to-join-ulfa-i-in-tinsukia
বৰডুমচাত আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক

তিনিচুকীয়া, 5 ফেব্ৰুৱাৰী :তিনিচুকীয়া জিলাৰ বৰডুমচাত শুকুৰবাৰে নিশা আলফা স্বাধীনত(Youth Arrested for Planning to Join ULFA I) যোগদানৰ অৰ্থে যোৱা তিনি যুৱকক বৰডুমচাৰ ভাৰতীয় সেনা বাহিনীৰ ১৪ নং অসম ৰাইফলছে আটক কৰে ৷ আটকাধীন যুৱককেইজন ক্ৰমে পেঙেৰী থানাৰ অন্তৰ্গত টেকেৰীৰ ৱাথৌ গাঁৱৰ দম্বৰু মৰাণৰ পুত্ৰ ৰাহুল মৰাণ (20), টেকেৰী অঞ্চলৰে ৰাইদাং পথাৰৰ নগেন বৰাৰ পুত্ৰ বিকাশ বৰা (20) আৰু তিনিচুকীয়া দীঘলসাঁকোৰ বাৰেকুৰিৰ বিটৰাম মৰাণৰ পুত্ৰ কিশোৰ মৰাণ(19) বুলি জানিব পৰা হৈছে ।

সেনা বিষয়া

আটকাধীন যুৱককেইজনক আলফাত যোগদানৰ বাবে অৰুণাচল জয়ৰামপুৰ লৈ গৈ থকা অৱস্থাতে অসম ৰাইফলছে পেঙেৰী ব্ৰক্ষ্মাজানত আটক কৰে ৷ সেনাৰ দলটোৱে যুৱককেইজনক জেৰা চলোৱাৰ অন্তত বৰডুমচা আৰক্ষী থানাত চমজাই দিয়ে । যুৱককেইজনৰ পৰা সেনাৰ দলটোৱে দুখন ডায়েৰীৰ লগতে এটা ম’বাইল ফোন জব্দ কৰে । আটকাধীন যুৱককেইজনক আইনী প্ৰক্ৰিয়াৰে অভিভাৱকৰ হাতত গটাই দিয়া হ’ব বুলি জানিবলৈ দিয়ে বৰডুমচা আৰক্ষীয়ে ৷

লগতে পঢ়ক :চৰকাৰৰ মাদ্ৰাছা শিক্ষা বন্ধৰ সিদ্ধান্তক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ছীল মোহৰ

ABOUT THE AUTHOR

...view details