ETV Bharat / state

চৰকাৰৰ মাদ্ৰাছা শিক্ষা বন্ধৰ সিদ্ধান্তক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ছীল মোহৰ

author img

By

Published : Feb 4, 2022, 10:57 PM IST

চৰকাৰৰ মাদ্ৰাছা শিক্ষা বন্ধৰ সিদ্ধান্তক গুৱাহাটী উচ্চ ন্যায়ালয়ে শুক্ৰ বাৰে ছীল মোহৰ মাৰে । এতিয়াৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব ৰাজ্যৰ মাদ্ৰাছা সমূহ। ২০২০ চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে চৰকাৰে আনিছিল নতুন আইন ৷

Assam Repealling Act 2020
চৰকাৰৰ মাদ্ৰাছা শিক্ষা বন্ধৰ সিদ্ধান্তক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ছীল মোহৰ

গুৱাহাটী, 4 ফেব্ৰুৱাৰী: চৰকাৰৰ মাদ্ৰাছা শিক্ষা বন্ধৰ সিদ্ধান্তক গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ছীল মোহৰ মাৰে । এতিয়াৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হব ৰাজ্যৰ মাদ্ৰাছাসমূহ । ২০২০ চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে চৰকাৰে আনিছিল নতুন আইন । Assam Repealling Act 2020 ক প্ৰত্যহ্বান জনায় গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এখন লেখ আবেদন ।১৪ জন লোকে দাখিল কৰিছিল এই লেখ আবেদন ।

আৱেদনত আছিল ৰাজ্যত মাদ্ৰাছাঁ শিক্ষা অব্যাহত ৰাখিব লাগে । কিন্তু দীৰ্ঘ শুনানিৰ অন্তত তেওঁ লোকৰ লেখ আবেদন শুক্ৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সোমিত্ৰ শইকীয়াৰ বিচাৰপীঠে খাৰিজ কৰে । উল্লেখ্য যে ৰাজ্যত ১২০০ খন মাদ্ৰাছা আছে । ৰাজ্য চৰকাৰে বছৰি এই মাদ্ৰাছা পৰিচালনাৰ বাবে ৫০০ কোটি টকা ব্যয় কৰে। ৰাজ্য চৰকাৰে মাদ্ৰাছা বন্ধ কৰি এইবোৰ চৰকাৰী বিদ্যালয়লৈ অনাৰ বাবে Assam Repealling Act 2020 আনিছিল ।

এই আইন বাতিলৰ বিৰুদ্ধে ১৪ জন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এই লেখ আবেদন। শুকুৰবাৰে এই আবেদনৰ চূড়ান্ত শুনানী হয়। এতিয়া ইয়াকে লৈ ৰাজ্যত একাংশৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: BJP on Satra Land Enchrochment: সত্ৰৰ ভূমি বেদখলত কংগ্ৰেছৰ নেতা-পালিনেতা জড়িত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.