অসম

assam

গুলীবিদ্ধ শদিয়াৰ তিনি যুৱকৰ সৈতে আলফা স্বাধীনৰ নাই কোনো সম্পৰ্ক : আলফা(স্বা)

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 7:14 PM IST

আলফা(স্বা)মুখী শদিয়াৰ তিনি যুৱকক আৰক্ষীয়ে গুলীবিদ্ধ কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৰ তৰফৰ পৰা ৷ অসম আৰক্ষীৰ এনে গুলীচালনাক ভুৱা সংঘৰ্ষ আখ্যা দি কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিষিদ্ধঘোষিত সংগঠনটোৱে ৷

assam police encounter
আলফা স্বাধীন এনকাউন্টাৰ

তিনিচুকীয়া, ২৪ ডিচেম্বৰ : আজি আৰক্ষীয়ে গুলীবিদ্ধ কৰা শদিয়াৰ তিনি যুৱকৰ সৈতে আলফা স্বাধীনৰ কোনো সম্পৰ্ক নথকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে ৷ সংগঠনটোৰ প্ৰচাৰ বিভাগৰ কেপ্তেইন ৰুমেল অসমৰ দ্বাৰা এক বিবৃতিযোগে সংগঠনটোৱে কয়, “ অসম আৰক্ষীয়ে আজি যিকেইগৰাকী যুৱকক ভুৱা সংঘৰ্ষত গুলীয়াই আহত কৰিলে, ‘‘ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’’ সংগঠনৰ সৈতে তেওঁলোকৰ কোনোধৰণৰ যোগাযোগ নাছিল ৷”

সংগঠনটোৰ ফালৰ পৰা লগতে কয়, “ আমি পোৱা তথ্য মতে উক্ত যুৱককেইগৰাকীয়ে অৰুণাচলৰ ডামবুকত বনভোজ খাবলৈ গৈ চৰকাৰ-প্ৰশাসনৰ কেতবোৰ ভুল সিদ্ধান্তত মনোকষ্ট পায় যুৱককেইগৰাকীয়ে ৷ ঠিকাভিত্তিত অসম ৰাজ্যিক পৰিবহন নিগমত কৰ্মৰত আছিল, কিন্তু চৰকাৰে তেওঁলোকক কৰ্মৰ পৰা বাধ্যতামূলকভাৱে অব্যাহতি দিছিল ৷ অত্যধিক মদ্যপান কৰি অসুস্থাৱস্থাত পৰিয়ালক কিছু কথা কৈছিল ৷ তাৎক্ষণিকভাৱে পৰিয়ালে আৰক্ষীক খবৰ দিয়ে আৰু অসম আৰক্ষীয়ে যুৱককেইগৰাকী বুজনি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক গুলীবিদ্ধ কৰে৷”

প্ৰেছ বিবৃতিটোত লগতে কয় “ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশত অসম আৰক্ষীয়ে নিজ ইচ্ছামতে নিৰীহ যুৱকক ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’ সংগঠনৰ সৈতে জড়িত কৰোৱাই ভুৱা সংঘৰ্ষ (Encounter)ৰে গুলীবিদ্ধ কৰাটো এতিয়া এক অঘোষিত প্ৰতিযোগিতালৈ পৰ্যৱসিত হৈছে ৷ এই প্ৰতিযোগিতাই যে অসমলৈ এক অশনি সংকেত নমাই আনিছে ইয়ো সত্য ৷ গতিকে ইয়াক আমাৰ লগতে অসমৰ থলগিৰি জনগণে সহজভাৱে ল’ব নোৱাৰে ৷”

আলফা(স্বা)এ ইয়াৰোপৰি কয়, “ আমি জানো, অসম আৰক্ষীত কৰ্মৰত আশী শতাংশ বিষয়া/সদস্যৰ অসমৰ প্ৰতি ভালপোৱা আছে ৷ বাকী বিশ শতাংশই কেৱল ক্ষমতা আৰু কেইটামান টকাৰ লোভত অসমৰ বুৰঞ্জীক জ্বলাঞ্জলি দি দিল্লীৰ দ্বাৰা প্ৰেৰিত বিষয়াক তৈলমৰ্দন কৰিবলৈ গৈ এনেধৰণৰ কু-কৰ্ম সংঘটিত কৰি আহিছে; ই অতিকে ঘৃণনীয় আৰু অসমৰ বুৰঞ্জীয়ে ইয়াক কেতিয়া পাহৰিব নোৱাৰে ৷ গতিকে এই আশী শতাংশ ভাল বিষয়া/সদস্যই বাকীসকলক বুজনি দিয়াৰ লগতে সতৰ্ক কৰি দিয়াৰ প্ৰয়োজন আহি পৰিছে ৷”

বিবৃতিটোত কোৱা হয়, “ অসম বুৰঞ্জী সাক্ষী আছে যে আহোম প্ৰশাসনৰ দিনৰ পৰা দিল্লীয়ে অসমৰ থলগিৰিৰ মাজত ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা চলাই আহিছে ৷ ব্ৰিটিছৰ দিনতো তাৰ ব্যতিক্ৰম হোৱা নাছিল ৷ ঔপনিৱেশিক ভাৰতৰ বিভিন্ন শ্ৰেণীৰ বিষয়াই অসমত ভাতৃঘাতী সংঘৰ্ষৰ সোৱাদ লৈ এতিয়া পুনৰ সেই আখৰাত ব্যস্ত ৷ যিসকল বহিৰাগত বিষয়াৰ নিৰ্দেশত থলগিৰি আৰক্ষীয়ে এইধৰণৰ কাৰ্যকলাপবোৰ কৰি আছে সেইসকল বহিৰাগত এটা সময়ত নিজ দেশলৈ উভতি যাব আৰু আপোনালোক আজীৱন অসমতেই থাকি এদিন নিজৰেই কাঠগৰাত নিজে জবাবদিহি হ’ব লাগিব ৷”

ৰুমেল অসম স্বাক্ষৰিত বিবৃতিটোত লগতে কোৱা হৈছে, “ উল্লেখ্য, ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনে পূৰ্বৰ সিদ্ধান্তৰ কথা ভাবি এতিয়াও সংযম হৈ আছে ৷ আমাক আমাৰ ধৈৰ্যৰ বান্ধ চিঙি যোৱালৈ পৰীক্ষা নল’ব৷ কিয়নো সেই পৰিস্থিতি উদ্ভৱ হ’লে অসম আৰক্ষীত কৰ্মৰত বিশ শতাংশ বেয়া ব্যক্তিতকৈ আশী শতাংশ ভাল ব্যক্তি মৃত্যুৰ মুখত পৰিব ৷ আনহাতে, ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’ সংগঠনৰ সেনানীসকলে মৃত্যুলৈ ভয় নকৰে ৷ মৃত্যুঞ্জয়ী হৈহে আমি স্বদেশ আৰু স্বজাতিৰ মুক্তিৰ বাবে পণ কৰিছোঁ ৷

এনে সংঘাতে কোনো পক্ষকে লাভান্বিত নকৰে ৷ সেয়েহে; যিসকলে এই ভুৱা সংঘৰ্ষ (Encounter)ৰ ৰূপ দি আহিছে তেওঁলোকক অন্তিমবাৰলৈ সাৱধান কৰি দিয়া হৈছে যাতে এই অঘোষিত প্ৰতিযোগিতা ইমানতে সামৰণি মাৰক লগতে অসমৰ থলগিৰি জনগণো ইয়াৰ বিৰুদ্ধে সদলবলে ওলাই আহক ৷ অন্যথা অসমৰ অনাকাংক্ষিত পৰিৱেশ-পৰিস্থিতিৰ বাবে সকলোৱে সমানে দায়ী হ’ব লাগিব ৷’’

লগতে পঢ়ক:শদিয়াৰ তিনি যুৱকলৈ আৰক্ষীৰ গুলীচালনাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details