অসম

assam

কাকপথাৰত বাঘৰ আক্ৰমণত আহত দুজন

By

Published : Jan 17, 2022, 2:22 PM IST

কাকপথাৰৰ কাঠবস্তিৰ কিষাণ বস্তিত বাঘৰ আক্ৰমণত আহত দুজনকৈ লোক(Tiger attacks two villgers at Kakopather) ৷

two-people-injured-in-a-tiger-attack-in-kakopathar
কাকপথাৰত বাঘৰ আক্ৰমণত আহত দুজন

শদিয়া, 17 জানুৱাৰী : উৎসৱৰ বতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বাঘৰ মুক্ত বিচৰণ তথা আক্ৰমণে বাৰুকৈয়ে চিন্তিত কৰি তুলিছে ৰাইজক (Tiger menace in Assam) ৷ বাঘৰ আতংকৰ মাজেৰে বহুলোকে দিন পাৰ কৰিবলগীয়া হৈছে ৷ এইবাৰ কাকপথাৰ কাঠবস্তিৰ কিষাণ বস্তিত বাঘৰ আক্ৰমণত আহত হ'ল দুজনকৈ লোক(Tiger attacks two villgers at Kakopather) ৷

উল্লেখ্য যে, দেওবাৰে আবেলি নাহৰফুটুকী বাঘে হঠাৎ আক্ৰমণ চলোৱাত গুৰুতৰভাৱে আহত হয় তিলক কিষাণ (৩৩) আৰু ৰত্ন কিছান নামৰ এজন ১২ বছৰীয়া কিশোৰৰ লগতে মৃত্যু হয় এটি গৰু পোৱালী সহ দুটাকৈ ছাগলীৰ ৷ ঘটনাস্থলীত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে বিগত দুটা দিনেই বাঘটোৱে অঞ্চলটোত এটা পোৱালী সহ বিচৰণ কৰি সমগ্ৰ অঞ্চলটোত ত্ৰাস সৃষ্টি কৰি আহিছে (Leopard menace around human habitations) ৷

উল্লেখনীয় বিষয় যে, উক্ত গাঁও খনৰ কাষতে লাগি আছে ডুমডুম বন সংমণ্ডল বিষয়া কাৰ্যালয় অধীনৰ কাকপথাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয় অন্তৰ্গত ডাঙৰী বনাঞ্চল, তৎস্বত্বেও বিভাগীয় কৰ্তৃক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে গাঁৱবাসীয়ে ৷ বন বিভাগক অনুৰোধ জনোৱাৰ পিছতো এই পৰ্যন্ত বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে ৷

কাকপথাৰত বাঘৰ আক্ৰমণত আহত দুজন

উল্লেখ্য যে শোণিতপুৰ জিলাৰ বৰচলাতো (Royal Bengal Tiger menace at Barsala in Sonitpur) ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতিয়া বাঘে প্ৰায় 20 দিনে ত্ৰাসৰ সৃষ্টি কৰি আহিছে (Royal bengal tiger roaming freely around human habitations) ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া উজাগৰে দিন কটাবলগীয়া হৈছে গঞা ৰাইজে ৷ সঘনাই হৈ থকা এনেধৰণৰ বাঘৰ আক্ৰমণৰ ফলত জীৱন মৰণৰ শংকাত ভুগিছে ৰাইজে ৷

লগতে পঢ়ক :Royal Bengal tiger menace: শোণিতপুৰত ঢেকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

...view details