অসম

assam

জনতাক নিৰাপত্তা দিবলৈ যোৱা আৰক্ষীয়ে নিজে নিৰাপত্তাহীনতাত ভুগিছে

By

Published : Aug 27, 2021, 10:48 PM IST

1996 চনতে ডিব্ৰু চৈখোৱা আৰু গুইজানৰ বান বিধস্ত লোক সকলক নিৰাপত্তা দিবৰ বাবে গুইজানত পেট্ৰলিং পষ্টটো স্থাপন কৰিছিল অসম চৰকাৰে । কিন্তু বান বিধস্ত ৰাইজক নিৰাপত্তা দিয়াৰ সলনি আৰক্ষী চকীটোত নিযোজিত আৰক্ষী সকলে আজি নিজে নিৰাপত্তাহীনতাত ভুগিছে ।

জনতাক নিৰাপত্তা দিবলৈ যোৱা আৰক্ষীয়ে নিজে নিৰাপত্তাহীনতাত ভুগিছে
জনতাক নিৰাপত্তা দিবলৈ যোৱা আৰক্ষীয়ে নিজে নিৰাপত্তাহীনতাত ভুগিছে

তিনিচুকীয়া,27 আগষ্ট:তিনিচুকীয়া জিলাৰ ঐতিহাসিক ডিব্ৰু চৈখোৱাৰ সমীপৰ গুইজানত থকা গুইজান পেট্ৰলিং পষ্টটো (গুইজান আৰক্ষী চকী) প্ৰতিটো বাৰিষাত অহা বানত পানীৰ তলত থাকে ৷ উক্ত অঞ্চলটোত প্ৰতি বছৰে কমেও চাৰিটাকৈ বানৰ কৱলত পৰে আৰু প্ৰতিটো বানতে নাজল-নাথল অৱস্থাৰ সৃষ্টি হয় ৷ নাও লৈ আহ যাহ কৰিব লগীয়া হয় আৰক্ষীৰ লোক সকলে ।

উল্লেখযোগ্য যে, 1996 চনতে ডিব্ৰু চৈখোৱা আৰু গুইজানৰ বান বিধস্ত লোক সকলক নিৰাপত্তা দিবৰ বাবে গুইজানত পেট্ৰলিং পষ্টটো স্থাপন কৰিছিল অসম চৰকাৰে । কিন্তু বান বিধস্ত ৰাইজক নিৰাপত্তা দিয়াৰ সলনি আৰক্ষী চকীটোত নিযোজিত আৰক্ষী সকলে আজি নিজে নিৰাপত্তাহীনতাত ভুগিছে ।

জনতাক নিৰাপত্তা দিবলৈ যোৱা আৰক্ষীয়ে নিজে নিৰাপত্তাহীনতাত ভুগিছে

লগতে পঢ়কঃ চামগুৰিত উপদ্ৰৱ ৰোধ কৰিবলৈ সাজু বিক্ৰম আৰু ৰাজুমালা

প্ৰতিটো বানত আৰক্ষী চকীৰ চৌহদটো বানে বুৰাই পেলাই । ফলত গুইজান আৰক্ষী চকীৰ কাম-কাজ চলাবলৈ চাৰিআলিলৈ আহি দোকানত আশ্ৰয় ল’ব লগীয়া হয় আৰক্ষীৰ লোক সকল । জানিবপৰা মতে, কেইবছৰ মানৰ পূৰ্বতে গুইজানৰ এই আৰক্ষী চকীখনক 'টুৰিষ্ট পুলিচ ষ্টেচন' কৰিব লাগে বুলি বিভাগীয় ভাৱে উদ্ধতম কৰ্তৃপক্ষলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল স্থানীয় লোকে । কিন্তু কাৰ্যত আজিও একো নহ’ল ।

ইপিনে আৰক্ষী চকীখনত আছে দুগৰাকী আৰক্ষী বিষয়াৰ লগতে কনিষ্টবল 4 গৰাকী, বেটেলিয়নৰ জোৱান 6 গৰাকী আৰু গৃহৰক্ষী আছে 1 গৰাকী । কিন্তু আৰক্ষী লোক সকল থকাৰ কোনো উপযুক্ত সা-সুবিধা নাই আৰক্ষী চকীখনত । সম্প্ৰতি এই আৰক্ষী চকীখন এক সুবিধাজনক ঠাইত অথবা বানে চুব নোৱৰাকৈ ওখকৈ নিৰ্মাণ কৰিবলৈ গুইজানবাসীয়ে দাবী জনাইছে ।

আনহাতে চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই আৰক্ষী চকীখনক উদ্ধাৰৰ ক্ষেত্ৰত চাবুৱা সমষ্টিৰ বিধায়ক গৰাকী মুঠেই চিন্তিত নহয় বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

একেদৰে ডিব্ৰু নদীৰ বাঢ়নী পানীয়ে লাইকা-দধিয়া, ডিব্ৰু ছৈখোৱা আদি অঞ্চলতো সম্প্ৰতি বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ।

লগতে পঢ়কঃ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details