অসম

assam

AASA Protest in Tinsukia: জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : May 26, 2023, 4:52 PM IST

AASA stages protest in Tinsukia

তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ উত্তাল প্ৰতিবাদ ৷ শুক্ৰবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ সমূহ আঞ্চলিক সমিতিৰ সহযোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে (AASA Protest in Tinsukia) ৷

আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিনিচুকীয়া, ২৬ মে’: তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ উত্তাল প্ৰতিবাদ ৷ শুকুৰবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ সমূহ আঞ্চলিক সমিতিৰ সহযোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে (AASA stages protest in Tinsukia) ৷

এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে অসমত বসবাস কৰা আদিবাসী লোকসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা, অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক জাতিগত প্ৰমাণ পত্ৰটো আদিবাসী (চাওতাল, উৰাং, মুণ্ডা, খাড়িয়া, প্রজা, গড়, ভূমিজ, তাঁতী) ইত্যাদি নামেৰে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা, অসমৰ বনাঞ্চলত বসবাস কৰা আদিবাসী লোক সকলক The Forest Rights Act (FRA) 2006 ৰ অধীনত পৰম্পৰাগত বনবাসী হিচাবে ভূমি পট্টা প্ৰদান কৰা, অতি শীঘ্ৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰা, মিছন বসুন্ধৰা ২.০ ত আদিবাসী লোক সকলক নথিপত্ৰৰ জৰিয়তে ভূমিৰ আৱণ্টন দিয়াৰ ব্যৱস্থা গ্ৰহন কৰা, ৫০ শতাংশ আদিবাসী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় সমূহত (আদিবাসী জনগোষ্ঠীৰ) TET শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা আৰু চৰকাৰীকৰণ কৰিব খোজা চাহ বাগিছাৰ বিদ্যালয়সমূহত পূৰ্বৰে পৰা পাঠদান কৰি অহা আদিবাসী শিক্ষক-শিক্ষয়িত্ৰী সকলক বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ সাতটা দাবী উত্থাপন কৰে (AASA Protest in Tinsukia) ৷

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি এলবাৰ্ট উৰিয়া আৰু সম্পাদক জাৰ্নেল মিনচ্‌ৰ স্বাক্ষৰিত সাতটা দাবী সম্বলিত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় আৰু অতি শীঘ্ৰেই এই দাবীসমূহ সমাধান কৰিবলৈ দাবী জনায় (All Adivasi Students' Association Of Assam) ৷ অন্যথা অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়নি প্ৰদান কৰে সংগঠনটোৱে (Protest in Tinsukia) ৷

লগতে পঢ়ক:Illegal Coal Mining : অবৈধ কয়লা খনন নিয়ন্ত্ৰণ সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ মেঘালয় হাইকোৰ্টৰ

ABOUT THE AUTHOR

...view details