অসম

assam

Azaan Pir Dargah:আজান পীৰ দৰগাহত হিন্দু পৰিয়ালে প্ৰজ্বলন কৰিলে বন্তি

By

Published : Mar 11, 2023, 10:48 PM IST

Updated : Mar 13, 2023, 3:26 PM IST

ঐতিহাসিক আজান পীৰ দৰগাহত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে ৪০১ ঘৰ হিন্দু ধৰ্মৰ লোকে (Azaan Pir Dargah) । আজান পীৰ দৰগাহত তিনিদিনীয়াকৈ আয়োজিত বাৰ্ষিক অধিবেশন তথা জিয়াৰৎ আৰু দোৱা অনুষ্ঠিত হৈছে ।

Harmony at Azaan Pir Dargah
আজান পীৰ দৰগাহত জিয়াৰৎ

আজান পীৰ দৰগাহত জিয়াৰৎ

আমগুৰি, ১১ মাৰ্চ:শিৱসাগৰ জিলাৰ ঐতিহাসিক আজান পীৰ দৰগাহত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে ৪০১ টা হিন্দু ধৰ্মৰ পৰিয়ালে (Harmony at Azaan Pir Dargah)। আজান পীৰ দৰগাহত অনুষ্ঠিত জিয়াৰৎ আৰু দোৱা অনুষ্ঠানত দৰগাহ শ্বৰীফৰ চৌপাশে বন্তি প্ৰজ্বলন কৰি নান্দনিক পৰিবেশৰ সৃষ্টি কৰিলে সৰাগুৰি চাপৰিৰ ৪০১ টা হিন্দু পৰিয়ালে । শনিবাৰে জিকিৰ জাৰীৰে মুখৰিত হ'ল দৰগাহ চৌহদ । শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ দিখৌমুখৰ ত্ৰিবেণী সংগম খ্যাত দিখৌ,দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীৰ সৰাগুৰি চাপৰিত অৱস্থিত আজান পীৰ দৰগাহত তিনিদিনীয়াকৈ আয়োজিত বাৰ্ষিক অধিবেশন তথা জিয়াৰৎ আৰু দোৱা অনুষ্ঠানৰ দ্বিতীয় দিনটোত সদৌ অসম ভিত্তিত জিকিৰ জাৰী প্ৰতিযোগিতা অনুষ্ঠিত হয় (Azaan Pir Dargah in Sivasagar)।

বিভিন্ন কাৰণত বিগত চাৰি বছৰ ধৰি স্তব্ধ হৈ পৰা অনুষ্ঠানটো নতুনকৈ গঠন হোৱা পৰিচালনা সমিতিয়ে সুন্দৰকৈ আয়োজন কৰাৰ লগতে দৰগাহ শ্বৰীফৰ চৌহদৰ আন্তঃগাঠনি উন্নয়নৰ কাম কাজ অব্যাহত ৰাখিছে (Ziyarat held at Azan Pir Dargah)। ধৰ্মক লৈ টনা আজোৰাৰ পৰিৱৰ্তে আজান পীৰ দৰগাহে সম্প্ৰীতিৰ প্ৰতীক হৈ আদৰ্শ বাণী বিলাই আহিছে । কেৱল ইছলাম ধৰ্মৰ লোকসকলেই নহয় ,অন্য ধৰ্মৰ লোকসকলেও পবিত্ৰ স্থান হিচাপে গণ্য কৰি আহিছে । আজানপীৰ দৰগাহ শ্বৰীফলৈ দূৰদূৰণিৰ পৰা অহা পৰ্যটক সকলৰ বাবেও থকা খোৱাৰ সু-ব্যৱস্থা কৰা হৈছে । বাৰ্ষিক অধিবেশনৰ ১২ মাৰ্চৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী আৰু আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে সদৰি কৰিছে ।

উল্লেখ্য় যে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত অৱস্থিত আজান পীৰৰ দৰগাহ হৈছে অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক । জিকিৰৰ জন্মদাতা হিচাপে খ্য়াতি লাভ কৰা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা হৈছিল এই মছজিদটো । দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে এই শৰাগুৰি চাপৰি স্থাপিত হৈছে । আহোম ৰজাই নিৰ্মাণ কৰা মঠৰ চিন এই দৰগাহত এতিয়াও বিদ্য়মান হৈ আছে ।

লগতে পঢ়ক:Former Rajmata Sushila Kumari passed away: বিকানেৰৰ প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰীৰ বিয়োগ

Last Updated :Mar 13, 2023, 3:26 PM IST

ABOUT THE AUTHOR

...view details