ETV Bharat / bharat

Former Rajmata Sushila Kumari passed away: বিকানেৰৰ প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰীৰ বিয়োগ

author img

By

Published : Mar 11, 2023, 2:06 PM IST

বিকানেৰ ৰাজ্যৰ প্ৰাক্তন মহাৰাজা কৰ্ণী সিঙৰ পত্নী ৰাজমাতা সুশীলা কুমাৰীৰ মৃত্যু । সুশীলা কুমাৰী আছিল ডুংগৰপুৰ ৰাজ্যৰ ৰাজকুমাৰী (Princess of Dungarpur State)।

Former Rajmatar Susheela Kumari passes away
প্ৰাক্তন ৰাজমাতাৰ সুশীলা কুমাৰী

নেশ্য়নেল ডেস্ক, ১১ মাৰ্চ: বিকানেৰ ৰাজপৰিয়ালৰ প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰীৰ শনিবাৰে দেহাৱসান ঘটে (Former Rajmatar Susheela Kumari passes away)। প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰী বিকানেৰ ৰাজ্যৰ প্ৰাক্তন মহাৰাজা তথা একেৰাহে 25 বছৰ ধৰি সাংসদ হোৱা ড৹ কৰ্ণী সিঙৰ পত্নী আছিল (Former Maharaja of Bikaner State Dr Karni Singh)। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৫ বছৰ । প্ৰাক্তন ৰাজমাতাগৰাকীৰ মৃত্যুত বিকানেৰৰ লগতে ডুংগৰপুৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে । প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰীৰ অন্তিম সৎকাৰ দেওবাৰে অনুষ্ঠিত হ'ব । শনিবাৰে অৰ্থাৎ আজিৰ দিনটোৰ বাবে তেখেতৰ মৃতদেহ ৰাইজৰ শেষ শ্ৰদ্ধাৰ বাবে ৰখা হৈছে ।

প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰী বিকানেৰ পশ্চিমৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত সিদ্ধি কুমাৰীৰ আইতাক আছিল ( BJP MLA Siddhi Kumari) । সিদ্ধি কুমাৰীয়ে প্ৰাক্তন ৰাজমাতাৰ লগত থাকি তেখেতৰ স্বাস্থ্যৰ যত্ন লৈছিল । প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰী ডুংগৰপুৰ ৰাজ্যৰ ৰাজকুমাৰী আছিল । তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৰাজ সিং ডুংগৰপুৰৰ ভগ্নী আছিল (Former BCCI chairman Raj Singh Dungarpur)।

প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেও শেহতীয়াকৈ বিকানেৰ ভ্ৰমণৰ সময়ছোৱাত প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰীক সাক্ষাৎ কৰিছিল (Former Chief Minister Vasundhara Raje)। প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰাৰ সময়ত সাংসদ দুষ্মন্ত সিঙো তেওঁৰ সৈতে উপস্থিত আছিল । কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মেঘৱাল, শিক্ষা মন্ত্ৰী বি ডি কাল্লা, শক্তি মন্ত্ৰী ভানৱাৰ সিং ভাটিয়ে ৰাজমাতা সুশীলা কুমাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । ৰাজনীতি আৰু সমাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত সুশীলা কুমাৰীৰ মৃত্যুত বহু লোকে শোক প্ৰকাশ কৰি তেখেতৰ বিয়োগ বিকানেৰৰ বাবে এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে । প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰী বিকানেৰত এগৰাকী হিন্দু ভক্ত হিচাপেও পৰিচিত আছিল ।

লগতে পঢ়ক:Jadav Payeng on Nature protection: গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপেক্ষিতত লকডাউনৰ দৰে পদক্ষেপ ল'বলৈ আহ্বান যাদৱ পায়েঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.