অসম

assam

ৰঙাপৰাত বনৰীয়া হাতীয়ে লণ্ড-ভণ্ড কৰিলে দোকান

By

Published : Jul 22, 2019, 11:26 AM IST

ৰঙাপৰাত বৰ্তমান বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাত উজাগৰী নিশা কটাবলগীয়া হৈছে স্থানীয় ৰাইজে ।

ৰঙাপৰাত বনৰীয়া হাতীয়ে ভাঙিলে দোকান গৃহ

ৰঙাপৰা, 22 জুলাইঃ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত বন্যহস্তীৰ তাণ্ডৱ ৷ এটা বন্যহস্তীয়ে উপদ্ৰৱ চলাই বিধ্বস্ত কৰে এখন দোকান ৷ খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীয়ে দেওবাৰে নিশা প্ৰায় ২-৩০ বজাত তাৰাজুলি চাহ বাগিচাত উপদ্ৰৱ চলায় ৷ পিছত বনৰীয়া হাতীটোৱে ৰাজেন্দ্ৰ দোগৰৰ সুলভ মূল্যৰ দোকানৰ দেৱাল ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে আটা, চাউল আদিকে ধৰি খাদ্য সামগ্ৰী খাই তহিলং কৰে।

ৰঙাপৰাত বনৰীয়া হাতীয়ে ভাঙিলে দোকান গৃহ

ৰঙাপৰাত বৰ্তমান বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাত উজাগৰী নিশা কটাবলগীয়া হৈছে স্থানীয় ৰাইজে ।

Intro:ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত বনৰীয়া হাতী উপদ্ৰৱঃ ভাঙিলে এটি দোকানগৃহBody:ৰঙাপৰাঃ ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত বন্যহস্তীটোয়ে উপদ্ৰৱ চলাই এটি দোকান গৃহ ভাঙি পেলায়। নিশা প্ৰায় ২-৩০ মান বজাত তাৰাজুলি চাহ বাগিচাত অকলশৰীয়া এটা বনৰীয়া হাতীটোয়ে খাদ্যৰ সন্ধানত বাগিচাখনত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই। পাছত বনৰীয়া হাতীটোয়ে ৰাজেন্দ্ৰ দোগৰৰ সুলভ মূল্যৰ দোকানৰ দেৱাল ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে দোকানত থকা আটা, চাউল আদিকে ধৰি খাদ্য সামগ্ৰী খাই তহিলং কৰে। ৰঙাপৰাত বৰ্তমান বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাত ৰাইজে নিশা উজাগৰে কটাবলগীয়া হৈছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .

ABOUT THE AUTHOR

...view details