অসম

assam

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে উৎপাদন কৰিব 'Green tea'

By

Published : Aug 26, 2021, 11:28 AM IST

অসমৰ এখন মহাবিদ্যালয়ে গ্ৰীণ টি উৎপাদনৰ ক্ষেত্ৰত লৈছে এক বিশেষ ভূমিকা । প্ৰায় ২০ বিঘা মাটিত চাহ বাগিচাৰ পুলি ৰোপণ কৰি গ্ৰীণ টি উৎপাদনৰ এক লক্ষ্য কৰি লৈছে মহাবিদ্যালয়খনে । ইয়াৰ ৪ বিঘা মাটিত বুধবাৰে জৈৱিক সাৰ প্ৰয়োগ কৰি চাহগছ ৰোপণ কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই ।

tea production college
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে উৎপাদন কৰিব Green tea

তেজপুৰ, ২৬ আগষ্ট : বিশ্বৰ ভিতৰতে সৰ্বাধিক পচন্দৰ সতেজ পানীয় হৈছে গ্ৰীণ টি (Green tea) । সমগ্ৰ পৃথিৱীৰ ভিতৰত ৩৮.৮ বিলিয়ন গ্ৰীণ টিৰ উৎপাদন কেন্দ্ৰ আছে । আমেৰিকাত ইয়াৰ ১০ বিলিয়ন উৎপাদন কৰা ব্যৱস্থা আছে ।

কিন্তু এইবাৰ অসমৰ এখন মহাবিদ্যালয়ে গ্ৰীণ টি উৎপাদনৰ ক্ষেত্ৰত লৈছে এক বিশেষ ভূমিকা । প্ৰায় ২০ বিঘা মাটিত চাহ বাগিচাৰ পুলি ৰোপণ কৰি গ্ৰীণ টি উৎপাদনৰ এক লক্ষ্য কৰি লৈছে মহাবিদ্যালয়খনে । ইয়াৰ ৪ বিঘা মাটিত বুধবাৰে জৈৱিক সাৰ প্ৰয়োগ কৰি চাহগছ ৰোপণ কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই ।

চাৰি বিঘা মাটিৰ এই বাগানখনৰ পৰা উৎপাদিত চাহপাতেৰে মহাবিদ্যালয়তে 'গ্ৰীণ টি' প্ৰস্তুত কৰা হ'ব বুলি অধ্যক্ষ ড৹ অজিত হাজৰিকাই জানিবলৈ দিয়ে । আগন্তুক বৰ্ষত গ্ৰীণ টি প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজনীয় মেচিন আদি স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে ।

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে উৎপাদন কৰিব Green tea

উল্লেখ্য যে, কেনিয়া, চীন আৰু শ্ৰীলংকাৰ পাছতে ভাৰত চতুৰ্থ স্থানত চাহ ৰপ্তানি কৰা দেশ হিচাপে পৰিগণিত হৈছে ৷ ২০১৯ চনত পৃথিৱীৰ ভিতৰতে ভাৰত দ্বিতীয় স্থানত চাহ উৎপাদন কৰা দেশ হিচাপে চিহ্নিত হৈছে । ইফালে ১৬ বিঘা মাটিৰ চাহ বাগিচাৰ পাত তোলা আৰম্ভ কৰে মহাবিদ্যালয়খনে । মহাবিদ্যালয়খন হৈছে শোণিতপুৰ জিলাৰ বৃহত্তৰ নদুৱাৰ অগ্ৰণী শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় ।

ইতিমধ্যে স্বৰ্ণ জয়ন্তী বৰ্ষ অতিক্ৰম কৰা এই মহাবিদ্যালয়ত দুবছৰ পূৰ্বে অধ্যক্ষ হিচাপে বিজ্ঞান বিষয়ত বিশেষ দখল থকা ড৹ অজিত হাজৰিকাই যোগদান কৰাৰ পিছৰে পৰা মহাবিদ্যালয়খনে এক স্বকীয়ভাৱে গতি লাভ কৰিছে । শৈক্ষিক ক্ষেত্ৰত একাধিক ডিজিটেল ক্লাচ ৰুমকে (Digital class room) আদি কৰি একাধিক পৰিৱৰ্তনৰে আধুনিক শিক্ষা ব্যৱস্থাৰ সংযোগ ঘটোৱাৰ লগতে আধুনিক কম্পিউটাৰ লেব (Computer lab) আদিৰে সাম্প্ৰতিক সময়ৰ লগত ৰজিতা খোৱাকৈ সজাই তুলিছে মহাবিদ্যালয়খন । আধ্যাত্মিক পৰিৱেশৰ চিন্তাৰে বিগত সৰস্বতী পূজাৰ দিনাই মহাবিদ্যালয়ত প্ৰতিষ্ঠা কৰা হৈছে স্থায়ী দেৱী মূৰ্তি আৰু মণ্ডপ ।

লগতে পঢ়ক:জলসম্পদ বিভাগৰ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ABOUT THE AUTHOR

...view details