অসম

assam

গুৱাহাটী-টাৱাঙৰ মাজত পুনৰ আৰম্ভ স্কাইৱান হেলিকপ্টাৰ সেৱা

By

Published : Sep 16, 2021, 6:25 PM IST

Skyone
পুনৰ আৰম্ভ স্কাইৱান হেলিকপ্টাৰ সেৱা ()

ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে দীৰ্ঘদিন ধৰি অৰুণাচন প্ৰদেশৰ টাৱাং আৰু গুৱাহাটীৰ মাজত হেলিকপ্টাৰ সেৱা বন্ধ হৈ আছিল । অৱশেষত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল এই সেৱা ।

তেজপুৰ, ১৬ ছেপ্টেম্বৰ : দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ'ল টাৱাং-গুৱাহাটীৰ মাজত যাত্ৰীবাহী হেলিকপ্টাৰ স্কাই ওৱান (Skyone ) সেৱা । কিন্তু প্ৰথমটো দিনতে প্ৰতিকূল বতৰৰ বাবে বাতিল কৰা হয় যাত্ৰীবাহি প্ৰথমখন হেলিকপ্টাৰৰ যাত্ৰা । উল্লেখ্য যে ক'ভিড পৰিস্থিতিৰ বাবে টাৱাং জিলাৰ পৰা হেলিকপ্টাৰ সেৱা যোৱা বছৰৰ পৰা বন্ধ হৈ আছিল ।

পশ্চিম অৰুণাচল প্ৰদেশ যাত্ৰাৰ বাবে গুৱাহাটীৰ পৰা সময় লাগে তিনিদিনৰ আৰু ৰাজধানী চহৰ ইটানগৰৰ পৰা প্ৰায় ২ দিনৰ প্ৰয়োজন হয় । ইয়াৰ নিকটৱৰ্তী সংযোগ স্থান তেজপুৰৰ পৰা ইয়াৰ দূৰত্ব মাত্ৰ ৩৬৫ কিলোমিটাৰ । এই যাত্ৰাৰ সময় হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত আৰম্ভ কৰিছিল পৱন হংস (Pawan Hans) সেৱাৰ কিন্তু এই সেৱাত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে চৰকাৰে যাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এই সেৱা বাতিল কৰে আৰু স্কাইৱানক (Skyone) এই সেৱা আগবঢ়াবলৈ দায়িত্ব দিয়ে ।

পুনৰ আৰম্ভ স্কাইৱান হেলিকপ্টাৰ সেৱা

বৰ্তমান সপ্তাহত ছয় দিন এই সেৱা অব্যাহত থাকিব । আনহাতে এই সেৱাত এগৰাকী যাত্ৰীয়ে গুৱাহাটীৰ পৰা টাৱাঙলৈ যাওতে ব্যয় কৰিব লাগিব ৪ হাজাৰ টকা । উল্লেখ্য যে নাহৰলগুনৰ পৰা গুৱাহাটীলৈ আৰু তাৰ পাছত গুৱাহাটীৰ পৰা টাৱাঙলৈ মুঠ ২৪ গৰাকী যাত্ৰীয়ে দৈনন্দিন অহা যোৱা কৰিব পাৰিব । নাহৰলগুনৰ পৰা টাৱাঙলৈ গুৱাহাটী হৈ এগৰাকী যাত্ৰীৰ খৰচ হ'ব ৪,৬০০ টকা ।

উল্লেখ্য যে হেলিকপ্টাৰ সেৱা বহু ক্ষেত্ৰত যাত্ৰীৰ বাবে অতি উদ্বেগজনকো হ'ব পাৰে । কাৰিকৰী বিজুটিৰ বাবে এই স্কাইৱান হেলিকপ্টাৰ যোৱা বছৰ অক্টোবৰ মাহৰ ১৩ তাৰিখে টাৱাঙৰ পৰা গুৱাহাটীলৈ যাত্ৰী লৈ গৈ থকা অৱস্থাত ভুটানত জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছিল । ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ পৰা ৮ জনীয়া যাত্ৰীবাহি হেলিকপ্টাৰ দুখনো দুৰ্ঘটনাগ্ৰস্ত হৈছিল । ২০০১ চনৰ ৮ মে' ত ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ডেৰা নাটুং বমদিলাৰ পৰা ইটানগৰলৈ গৈ থকা অৱস্থাত ভালুকপঙত আৰু ২০১১ চনৰ ৩০ এপ্ৰিলত হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ মৃত্যু হৈছিল ।

অৱশ্যে হেলিকপ্টাৰ সেৱা উক্ত অঞ্চলত সঘনাই সলনি হৈ থকা প্ৰতিকূল বতৰৰ বাবেও অস্বাভাৱিক হোৱা পৰিলক্ষিত হৈছে । তথাপিও ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে পৰ্যটকৰ সুবিধাৰ্থে এই সেৱা মুকলি কৰা হৈছে । এই সেৱাৰ দ্বাৰা পৰ্যটকসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:কলিয়াবৰত বিশ্বকৰ্মা পূজাক লৈ ব্যৱসায়ীসকলৰ ব্যস্ততা

ABOUT THE AUTHOR

...view details