কলিয়াবৰত বিশ্বকৰ্মা পূজাক লৈ ব্যৱসায়ীসকলৰ ব্যস্ততা

By

Published : Sep 16, 2021, 2:01 PM IST

thumbnail

চৰকাৰৰ নতুন নীতি-নিৰ্দেশনা(SOP) অনুসৰি এইবেলি ৰাজ্যত উদযাপন কৰিব পাৰিব পূজা ৷ পূজাৰ বতৰত আশাৰ ৰেঙণি দেখিছে ব্যৱসায়ীসকলে ৷ ইয়াৰ সমান্তৰালকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মুখত বিৰিঙিছে সন্তোষৰ হাঁহি । কাইলৈৰ বিশ্বকৰ্মাৰ পূজাৰ(Vishwakarma Puja) বাবে বিভিন্ন সা-সামগ্ৰীৰে নিজৰ ব্যৱসায় প্ৰতিষ্ঠান, দোকানসমূহ সজাই-পৰাই তুলিছে ব্যৱসায়ীসকলে । ফল-মূলৰ দোকানসমূহেও যেন প্ৰাণ পাই উঠিছে । কলিয়াবৰতো ব্যৱসায়ীসকলৰ মাজত পূজাক লৈ দেখা গৈছে উচাহ-উদ্দীপনা ৷ কৰ’ণাৰ(Corona) ভয়াৱহতাৰ কথা মনত ৰাখি সচেতনতাৰে পূজাৰ আয়োজন কৰিবলৈ ৰাইজক আহ্বান জনায় ব্যৱসায়ীসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.