অসম

assam

তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তি উন্মোচন

By

Published : Dec 16, 2021, 2:26 PM IST

তেজপুৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ কেন্দ্ৰীয় সামৰণি অনুষ্ঠান । বৃহস্পতিবাৰে তেজপুৰৰ পৌৰ সভাৰ পাৰ্কিং স্থানত পদ্মনাথ গোহাঞি বৰুৱাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়(Padmanath Gohain Baruah's bronze statue unveiled) ।

Padmanath Gohain Baruah's 150th Birth Anniversary celebrated in Tezpur
তেজপুৰত পদ্মনাথ গোহাঞিবৰুৱাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তি উন্মোচন

তেজপুৰ, ১৬ ডিচেম্বৰ : তেজপুৰত অনুষ্ঠিত হোৱা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীৰ কেন্দ্ৰীয় সামৰণি অনুষ্ঠানৰ বৃহস্পতিবাৰে দ্বিতীয় দিন(Padmanath Gohain Baruah's Anniversary celebrated in Tezpur) । অসম সাহিত্য সভা, লেখিকা সমাৰোহ, বাণ থিয়েটাৰৰ উদ্যোগত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ জন্ম জয়ন্তী ।

বিশিষ্ট সাহিত্যিকগৰাকীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে তেজপুৰ পৌৰ সভাৰ পাৰ্কিং স্থানত পদ্মনাথ গোহাঞিবৰুৱাৰ ব্ৰঞ্জৰ আৱ‌ক্ষ মূৰ্তি উন্মোচন কৰা হয়(Padmanath Gohain Baruah's statue unveiled in Tezpur) । অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালীনী দেৱী,পদ্মশ্ৰী য়েছে দৰ্জে ঠংচি আৰু জিলাখনৰ কেইবাজনো বিধায়কৰ উপস্থিতিত মন্ত্ৰী পীযুষ হাজৰিকাই আৱ‌ক্ষ মূৰ্তিটো উন্মোচন কৰে ।

তেজপুৰত পদ্মনাথ গোহাঞিবৰুৱাৰ ব্ৰঞ্জৰ আৱক্ষ মূৰ্তি উন্মোচন

মন্ত্ৰী হাজৰিকাই মহান ব্যক্তিগৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিবলৈ পাই ধন্য মানিছে বুলি মন্তব্য কৰে । লগতে এনেধৰণৰ কাম কৰি যাবলৈ তেজপুৰবাসীক আহ্বান জনায় ।

আনহাতে, বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে ঠংচিয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত উঠাই দিয়াৰ সিদ্ধান্তৰ বিষয়ে ৰাজ্য চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালীনী দেৱীয়ে কয় যে, বৰ্তমান নৱ প্ৰজন্মক অসম সাহিত্য সভাৰ জড়িত কৰি আগবাঢ়ি যোৱাটো প্ৰয়োজনীয় হৈ পৰিছে ।

সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত সকলোকে অৱদান আগবঢ়াবলৈ তেওঁ আহ্বান জনায় । সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী(Padmanath Gohain Baruah's 150th Birth Anniversary) উপলক্ষে তেজপুৰত দুদিনীয়াকৈ আলোচনা চক্ৰৰ লগতে সাহিত্যিকগৰাকীৰ নাটক 'টেটোন তামুলী' আৰু 'দেশীয় কচৰৎ' প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক:বড়োসকলৰ বিখ্যাত বাগুৰুম্বা-দাউশ্ৰী দেলাই লোকনৃত্যক বিকৃত ৰূপত উত্থাপনৰ অভিযোগ

TAGGED:

ABOUT THE AUTHOR

...view details