অসম

assam

Indian Army Honour : ভাৰতীয় সেনাৰ খচ্চৰক হিৰো সন্মান প্ৰদান

By

Published : Jan 19, 2023, 12:40 PM IST

ভাৰত চীন সীমান্তৰ য়াংটছেৰ ঘটনাৰ পাছত ভাৰতীয় সেনাৰ খচ্চৰক 'হিৰো' সন্মান প্ৰদান (Indian Army gives Hero honour to mule) । ভাৰতীয় সেনাৰ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে এই সন্মান প্ৰদান কৰে ।

Army
Army

তেজপুৰ, ১৯ জানুৱাৰী :ভাৰতীয় সেনাই যোৱা ৯ ডিচেম্বৰত ভাৰত-চীন সীমান্তৰ টাৱাং জিলাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (Line of Actual Control) য়াংটছে (Yangste) অঞ্চলত চীনা সৈন্যৰ লগত হোৱা মুখামুখী সংঘৰ্ষৰ পিছত সেনাৰ এটা খচ্চৰক সেনা দিৱসত পুৰস্কৃত কৰে (Indian Army gives Hero honour to mule) । ভাৰতীয় সেনাৰ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে এই 'হিৰো' সন্মান প্ৰদান কৰে (Indian Army Chief General Manoj Pandey) । Hoof নম্বৰ 122 খচ্চৰটোক সেনা প্ৰধানৰ ৰিকমেণ্ডেচন পুৰস্কাৰ দিয়া হয় ।

এই বিষয়ে সদৰী কৰে তেজপুৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াই । তেওঁ জনায় যে এই খচ্চৰটোক সেনাৰ পৰ্বত আৰোহী (Mountain Artillery) সেনা প্ৰধানৰ বিশেষ ৰিকমেণ্ডেচন সন্মান প্ৰদান কৰা হয় । এই খচ্চৰ হৈছে সীমান্তত সংযোগ আৰু অন্য যোগাযোগ ব্যৱস্থা নথকা পৰ্বত অঞ্চলত ব্যৱহাৰ কৰা একমাত্ৰ উত্তম আহিলা । লগতে ইয়াৰ বাহন ক্ষমতা যথেষ্ট আছে ।

উল্লেখযোগ্য যে যোৱা ৯ ডিচেম্বৰত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰতীয় সেনাৰ দখলৰ বিপৰীতে বৃহৎ চীনা সৈন্য বাহিনীৰ এটা দল সোমাই আহে আৰু দুয়ো পক্ষৰ মাহত হতাহতি হয় (India Chinese Army conflict in Tawang Border) । সেই সময়ত এই আৰ্টিলেৰী ব্ৰিগেডক সহায় কৰিছিল এই খচ্চৰে । যোৱা ৯ ডিচেম্বৰৰ দিনা চীনা সৈন্যৰ লগত হোৱা হতাহতিৰ সময়ত এই ছয় বছৰীয়া খচ্চৰটোয়ে 6,500 কেজি ওজন 750 কিলোমিটাৰ দূৰত্বত কঢ়িয়াই অভিলেখ গঢ়ে । আৰু সেইবাবেই সেনা প্ৰধানৰ বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰে সেনা দিৱসৰ দিনা ।

উল্লেখযোগ্য যে 2006 চনৰ পৰা চীনা সৈন্যই ভাৰতৰ অৰুণাচল প্ৰদেশৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে দাবী কৰা অংশত নিজৰ আধিপত্য দেখুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে ইটিভি ভাৰতে ২০২১ চনৰ নৱেম্বৰ মাহত চৰজমিন ক্ষেত্ৰ ভিত্তিক প্ৰতিবেদনত উল্লেখ কৰিছিল যে চীনা সৈন্যই ভাৰতৰ টাৱাং জিলাৰ লুমলা ছেক্টৰত 34 বাৰ বলপূৰ্বকভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু ভাৰতীয় সেনাই সেয়া নিৰ্মূল কৰিছিল । ফলস্বৰূপে ভাৰতীয় সেনাই টাৱাঙত সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰিবলৈ অত্যাধুনিক Air Defence Systems বহুৱাইছিল ।

লগতে পঢ়ক :KLO peace agreement: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহ সচিব আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকৰে আলোচনা

ABOUT THE AUTHOR

...view details