অসম

assam

Shot in Sonai Rupai Wildlife Sanctuary : সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মীৰ গুলীত আহত চোৰাং কাঠকটীয়া

By

Published : Dec 2, 2021, 1:28 PM IST

শোণিতপুৰৰ মিছামাৰীত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মী আৰু চোৰাং কাঠকটীয়াৰ মাজত গুলীয়াগুলি সংঘটিত(Shot in Sonai Rupai Wildlife Sanctuary) । এই সংঘৰ্ষত গুলীবিদ্ধ হয় এজন চোৰাং কাঠকটীয়া(Wood cutter shot in Sonai Rupai) । সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈছে আহত চোৰাং কাঠকটীয়াজন ।

Shot in Sonai Rupai Wildlife Sanctuary
বনকৰ্মীৰ গুলীত আহত চোৰাং কাঠকটীয়া

ৰঙাপৰা, ২ ডিচেম্বৰ: শোণিতপুৰ জিলাৰ মিছামাৰীৰ উত্তৰ দিশত অৱস্থিত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং কাঠকটীয়াৰ দপদপনি । অভয়াৰণ্যখনৰ ভিতৰত চৰাই-চিৰিকটিৰ মাতৰ বিপৰীতে যন্ত্ৰচালিত কৰতৰ শব্দহে ৰজনজনাই থাকে । বন বিভাগৰ নিষেধাজ্ঞাৰ পাচতো চোৰাংভাৱে কাঠ কাটি নিয়ে একাংশ অসাধু লোকে ।

বুধবাৰে এনে চোৰাং কাঠকটীয়াই অভয়াৰণ্যখনৰ দুৰ্গম অঞ্চলত গোপনে কাঠ কাটি থকাৰ তথ্য লাভ কৰাৰ পাচতে অভিযান চলায় বন বিভাগৰ লোকে ৷ অভয়াৰণ্যত অভিযান চলাই থকাৰ সময়তে চোৰাং কাঠকটীয়াই বনকৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা(Shot in Sonai Rupai Wildlife Sanctuary) কৰে । প্ৰত্যুত্তৰত বনকৰ্মীয়েও গুলীচালনা কৰে ।

সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বনকৰ্মীৰ গুলীত আহত চোৰাং কাঠকটীয়া

চোৰাং কাঠকটীয়া আৰু বনকৰ্মীৰ মাজত বহু সময় ধৰি গুলীয়াগুলি (Firing in Sonai Rupai Wildlife Sanctury) অব্যাহত থাকে । পিচত বনকৰ্মীৰ গুলীত চালানচা দৈমাৰী নামৰ চোৰাং কাঠকটীয়াজন গুলীবিদ্ধ হয়(Illegal wood cutter shot in Missamari) । উল্লেখ্য যে, চালানচা দৈমাৰীৰ ঘৰ ৰঙাপৰাৰ যোগীবিলৰ বালাপাৰাত ।

বনকৰ্মীৰে হোৱা সংঘৰ্ষৰ সময়ত চালানচা দৈমাৰীৰ পেটত গুলী লাগে । নিশাই তেওঁক ৰঙাপৰা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । বৰ্তমান গুলিবিদ্ধ চোৰাং কাঠকটীয়াজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাধীন হৈ আছে ।

বনকৰ্মীৰ দলেটোৱে ঘটনাস্থলীৰ পৰা এটা হাতে সজা বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত দীৰ্ঘদিনৰ পৰা অবৈধ চোৰাং কাঠ সৰবৰাহ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । অভয়াৰণ্যখনৰ ভিতৰত থকা মূল্যৱান গছ-গছনি কাটি নিশাৰ ভাগতে বন বিভাগৰ চকুত ধূলি দি জিলাখনৰ বিভিন্ন প্ৰান্তলৈ চোৰাংভাৱে সৰবৰাহ কৰি আহিছে চোৰাং কাঠ ব্যৱসায়ীয়ে ।

লগতে পঢ়ক: Two Thief arrested in Manikpur : মাণিকপুৰত দুই ট্ৰেক্টৰ চোৰ আটক

ABOUT THE AUTHOR

...view details