অসম

assam

Padmanath Gohain Baruah Birth Anniversary : তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাক স্মৰণ

By

Published : Dec 16, 2022, 12:38 PM IST

Updated : Dec 16, 2022, 2:00 PM IST

সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি, তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক তথা ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱাৰ আজি ১৫১ সংখ্যক ওপজা দিন (151th Birth Anniversary of Padmanath Gohain Baruah) ।

Tezpur
Tezpur

তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাক স্মৰণ

তেজপুৰ, ১৬ ডিচেম্বৰ : সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি, তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক তথা ৰায়বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱাৰ আজি ১৫১ সংখ্যক ওপজা দিন (151th Birth Anniversary of Padmanath Gohain Baruah) ।

এইগৰাকী অসম হিতৈষীৰ জন্মদিনটোত আজি পুৱাতেই তেজপুৰ চহৰৰ পৌৰসভাৰ পাৰ্কিং স্থানত থকা আৱক্ষ মূৰ্তিৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰ পৌৰসভাৰ উদ্যোগত বাণ থিয়েটাৰ (Ban Theatre), তেজপুৰ সাহিত্য সভা, লেখিকা সমাৰোহ সমিতি আৰু অসমীয়া ক্লাবৰ সহযোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু সাহিত্য কাণ্ডাৰীগৰাকীৰ নাতি তথা সদ্য অৱসৰপ্ৰাপ্ত অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া সঞ্জীৱ গোহাঞি বৰুৱাই (Birth Anniversary of Padmanath Gohain Baruah at Tezpur) ।

উক্ত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহযোগ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, সাহিত্য কাণ্ডাৰীগৰাকীৰ আন দুগৰাকী নাতি ক্ৰমে উদয় কৃষ্ণ গোহাঞি বৰুৱা আৰু সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাৰ লগতে তেজপুৰ পৌৰসভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, উপ পৌৰপতি সংগীতা বসু ঘোষে । আনহাতে, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়া, বাণ থিয়েটাৰৰ উপ-সভাপতি ভৱানন্দ দাস, দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱাইও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইয়াৰ উপৰি তেজপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া বৰ্ষা তালুকদাৰকে ধৰি বিশিষ্ট ব্যক্তিসকলেও ইয়াত অংশগ্ৰহণ কৰে (Tribite to Padmanath Gohain Baruah at Tezpur) । ইয়াৰ পিছতেই অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানত আৰম্ভণিতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই অসমৰ জাতীয় জীৱনৰ এইগৰাকী কাণ্ডাৰীৰ অনুষ্ঠানত জড়িত হ'বলৈ পাই ধন্য হোৱা বুলি উল্লেখ কৰে (remembering Padmanath Gohain Baruah) ।

আনহাতে, তেজপুৰৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বিধায়ক পৃথ্বিৰাজ ৰাভাইও স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত সাহিত্য কাণ্ডাৰীগৰাকীৰ নাতি, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সঞ্জীৱ গোহাঞি বৰুৱাই ককাকৰ স্মৃতিত তেজপুৰ চহৰত নিৰ্মাণ হোৱা আৱক্ষ মূৰ্তিৰ সন্মুখত উপস্থিত হৈ আজিৰ দিনটোত এনেদৰে স্মৰণ কৰাৰ সুযোগ একমাত্ৰ গোহাঞি বৰুৱা উপাধিটোৰ বাবেই সম্ভৱ হোৱা বুলি কয় ।

লগতে পঢ়ক :Badungduppa Kala Kendra: দেশী বিদেশী নাট্যপ্ৰেমীৰ ভিৰ শুক্ৰাচাৰ্য ৰাভাৰ ’আণ্ডাৰ দ্যা শাল ট্ৰি’ত

Last Updated : Dec 16, 2022, 2:00 PM IST

ABOUT THE AUTHOR

...view details