অসম

assam

AAPSC question Paper Leaked: লোকসেৱা আয়োগৰ শপত গ্ৰহণৰ বিৰুদ্ধে ইটানগৰত প্ৰতিবাদ; 10 গৰাকী লোক আহত

By

Published : Feb 17, 2023, 7:40 PM IST

সাময়িকভাৱে স্থগিত ৰখা হ’ল অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ অধ্যক্ষৰ শপত গ্ৰহণ অনুষ্ঠান ৷ লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি শুকুৰবাৰে ইটানগৰত সাব্যস্ত কৰা এক প্ৰতিবাদৰ পাচতেই অৰুণাচল চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ শুকুৰবাৰে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘাতৰ ফলত আহত হয় 6 গৰাকী প্ৰতিবাদকাৰী আৰু 4 গৰাকী নিৰাপত্তাৰক্ষীৰ লোক (AAPSC question paper leaked) ৷

লোকসেৱা আয়োগৰ শপত গ্ৰহণৰ বিৰুদ্ধে ইটানগৰত প্ৰতিবাদ; 10 গৰাকী লোক আহতper Leaked
Etv Bharat

লোকসেৱা আয়োগৰ শপত গ্ৰহণৰ বিৰুদ্ধে ইটানগৰত প্ৰতিবাদ; 10 গৰাকী লোক আহত

তেজপুৰ, 17 ফেব্ৰুৱাৰী: বিগত বৰ্ষত অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই (AAPSC question paper leaked) ৷ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আৰু নৱ গঠিত লোকসেৱা আয়োগৰ শপত গ্ৰহণৰ বিৰোধিতাৰে পৰীক্ষাৰ্থীয়ে শুকুৰবাৰে ইটানগৰত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘাতত প্ৰায় 10 গৰাকী লোক আহত ৷ ইয়াৰ ভিতৰত আছে 4 গৰাকী নিৰাপত্তা বাহিনীৰ লোকো (clash between protester and security forces in Itanagar) ৷

উল্লেখ্য যে, নৱ গঠিত আয়োগৰ শপত গ্ৰহণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল Pan Arunachal Joint Steering Committee (PAJSC) য়ে ৷ প্ৰতিবাদৰ সময়তে প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰে নিৰাপত্তাৰক্ষী ৷ বৰ্তমানলৈকে 4 গৰাকী নিৰাপত্তা বাহিনীৰ লোক আৰু 6 গৰাকী প্ৰতিবাদকাৰী আহত হোৱাৰ তথ্য লাভ কৰা গৈছে (Protest over AAPSC question paper leaked ) ৷

এই ঘটনাৰ পাচতেই স্থগিত ৰখা হয় অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ (APPSC ) নৱ নিযুক্ত অধ্যক্ষ শান্তলু দয়াল সহিতে আন সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান ৷ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰি এই সন্দৰ্ভত এক বিবৃতি দিয়ে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ ৰাইজৰ আৱেগৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Chief minister Pema Khandu) ৷

লগতে বিবৃতিটোত উল্লেখ কৰা হয় যে, ‘‘লোকসেৱা পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ আয়োগৰ পদসমূহ শীঘ্ৰেই পূৰণ কৰাৰ বাবে চেষ্টা কৰা হৈছিল ৷ কিন্তু অনাকাংক্ষিতভাৱে প্ৰশ্নকাকত ফাদিলটো প্ৰাৰ্থীসকলৰ বাবে দুৰ্ভাগ্যজনক বিষয় ৷ বহুলোকে ইয়াৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে ৷ গতিকে তেওঁলোকৰ আবেগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি শপত গ্ৰহণ অনুষ্ঠান সাময়িকভাৱে স্থগিত ৰখা হৈছে (APPSC Chairman oath taking called off) ৷’’ উল্লেখ্য যে, আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পাচতেই পত্যাগ কৰিছে পূৰ্বৰ সকলো সদস্যই ৷

ইফালে, প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো কেৱল ৰাইজৰ বাবেই নহয়, চৰকাৰৰ বাবেও এক আশ্চৰ্যজনক ঘটনা বুলি উল্লেখ কৰি এই ঘটনাৰ তদন্ত ক্ষীপ্ৰভাৱে চলি থকাৰ লগতে আৰু দোষীক উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ ঘটনাৰ তদন্ত কৰিবৰ বাবে বিশেষ অনুসন্ধান কোষক (SIC) সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (AAPSC question paper leak case) ৷

উল্লেখ্য যে, ইতিমধ্যেই লোকসেৱা আয়োগৰ পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰে জড়িত থকাৰ সন্দেহত বহু লোকক গ্ৰেপ্তাৰ কৰিছে বিশেষ অনুসন্ধান কোষে ৷ বিষয়টো কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI ক হস্তক্ষেপ কৰিবলৈও আহ্বান জনাইছে অৰুণাচল প্ৰদেশ চৰকাৰে ৷

লগতে পঢ়ক : Ranjit Bora Murder Case: আৰক্ষীৰ বেহুফালি হেণ্ডকাফ পিন্ধিয়েই পলাল শ্বাহ আলম; বিচাৰি ফুৰিছে আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details