অসম

assam

পূজাৰ পিচতেই অসমলৈ আহিব অমিত শ্বাহ-জেপি নাড্ডা

By

Published : Sep 27, 2022, 3:51 PM IST

Updated : Sep 27, 2022, 4:12 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আহিব অসমলৈ

অসম ভ্ৰমণলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ (Home minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(BJP President J P Nadda) ৷ এক দলীয় সভাত অংশগ্ৰহণ কৰিব নেতা দুগৰাকী ৷ আনহাতে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ লগতো মিলিত হ’ব গৃহমন্ত্ৰীগৰাকী ৷

তেজপুৰ, ২৭ ছেপ্টেম্বৰ: অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ(Home minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (BJP President J P Nadda) ৷ অহা 7 অক্টোবৰত অসমত উপস্থিত হৈ 9 ত অক্টোবৰলৈকে অসমতে থাকিব নেতা দুগৰাকী ৷ এই কথা জানিবলৈ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

কেন্দ্ৰীয় নেতা দুগৰাকীৰ অসম ভ্ৰমণৰ কাৰ্যসূচীৰ সন্দৰ্ভত দলীয় কৰ্মীৰে আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে মঙলবাৰে মন্ত্ৰী হাজৰিকা তেজপুৰত উপস্থিত হয় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰীগৰাকী তেজপুৰত উপস্থিত হৈ দলীয় কৰ্মীসকলৰ লগত মিলিত হয় ৷ কেন্দ্ৰীয় নেতা দুগৰাকীৰ অসম ভ্ৰমণৰ সময়ত অনুষ্ঠিত সভা সাফল্যমণ্ডিত কৰি তোলাৰ বাবে দলীয় কৰ্মীৰে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে (Minister Pijush Hazarika)।

উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই 8 তাৰিখে এখন দলীয় সভাত অংশগ্ৰহণ কৰিব ৷ আনহাতে 9 অক্টোবৰত গৃহমন্ত্ৰীগৰাকী দেৰগাঁৱত ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ লগত মিলিত হ’ব (SP conference at Dergaon)৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আহিব অসমলৈ

তেজপুৰৰ পাচতে মন্ত্ৰীগৰাকীয়ে ৰঙাপৰা, চতিয়া, বিশ্বনাথ হৈ লখিমপুৰলৈকে গৈ দলীয় কৰ্মীসকলৰ লগত মিলিত হ'ব । আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, ভূপেন বৰাই ২০২৬ চনত চৰকাৰ গঠন কৰাটো এক অলীক কল্পনা ।

ভূপেন বৰাই বাৰে বাৰে সপোন দেখে বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই কয়, ‘‘ভূপেন বৰা কেতিয়াবা সাংসদ হ'ম বুলি ভাবে যদিও হাৰি যায় । কেতিয়াবা বিধায়ক হ’ম বুলি ভাবে যদিও হাৰি যায়, আকৌ কেতিয়াবা মন্ত্ৰী হ'ম বুলি ভাবে যদিও হ'ব নোৱাৰে । ভূপেন বৰাৰ অলীক কল্পনা কৰাৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া আছে’’ (Pijush Hazarika criticises Bhupen Bora)।

ভূপেন বৰা অসমৰ ভৱিষ্যদ্ৰষ্টা নহয় বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ আনহাতে দেশজুৰি কংগ্ৰেঠ দলে ভাৰত জোড়ো কাৰ্যসূচী(Bharat Jodo Yatra) গ্ৰহণ কৰা সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই কয় যে, কংগ্ৰেছৰ ভাৰত জোড়ো অভিযানৰ সময়তে ধুবুৰীত দলীয় কৰ্মীসকলৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হ'ল । তেওঁলোকে ভাৰত জোড়ো কৰিব নোৱাৰে, কাৰণ মানুহে কংগ্ৰেছেক ভাৰত চ’ৰ’ বুলিহে কৈ আছে ।

লগতে পঢ়ক:PFI ৰ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated :Sep 27, 2022, 4:12 PM IST

ABOUT THE AUTHOR

...view details