অসম

assam

ঢেকীয়াজুলিৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৃষি সঞ্চালক অনন্ত লাল জ্ঞানীৰ

By

Published : Jun 29, 2022, 10:52 PM IST

বছৰৰ দ্বিতীয়টো বানত বাৰুকৈয়ে জুৰুলা হৈছে শোণিতপুৰবাসী (Flood in Assam) ৷ বুধবাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে কৃষি সঞ্চালক অনন্ত লাল জ্ঞানীয়ে (Anant Lal Gyani visited flood effected area of Sonitpur district) ৷

Anant Lal Gyani visited flood effected area of Sonitpur
ঢেকীয়াজুলিৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৃষি সঞ্চালক অনন্ত লাল জ্ঞানী

তেজপুৰ, ২৯ জুন : বুধবাৰে বানেধোৱা শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত উপস্থিত হয় অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী ৷ অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালকগৰাকীয়ে ঢেকীয়াজুলিত উপস্থিত হৈ শেহতীয়া বান পৰিস্থিতি আৰু জিলাখনত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ বুজ লয় (Anant Lal Gyani visited flood effected area of Sonitpur district) ৷

জিলাখনৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তৰ মাজত সাহায্যও বিতৰণ কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালকগৰাকীয়ে (Flood in Sonitpur district) ৷ বুধবাৰে কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীয়ে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত তেওঁৰ লগত উপস্থিত থাকে বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ৰাজহ চক্ৰ বিষয়া তন্ময় বৰা আৰু জিলা কৃষি বিভাগৰ কেবাগৰাকীও উচ্চপদস্থ বিষয়া ৷

ঢেকীয়াজুলিৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৃষি সঞ্চালক অনন্ত লাল জ্ঞানী

তথ্য অনুসৰি, জিলাখনৰ বান বিধ্বস্ত টেগবস্তিত আছিল প্ৰায় ২৫০ টা পৰিয়াল ।

লগতে পঢ়ক :আমিৰ খানে অসমৰ বানপীড়িতলৈ আগবঢ়ালে ২৫ লাখ

যিয়ে এই বানত বৰ্তমান সৰ্ব্বশ্ৰান্ত হৈ পৰিছে ৷ উল্লেখ্য যে, অসম চৰকাৰৰ এক নিৰ্দেশ অনুসৰি চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলক শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত জিলাসমূহ পৰিদৰ্শন কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰাৰ দায়িত্ব অৰ্পণ কৰা হয় । যাৰ বাবে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শ কৰি সকলো তথ্য যুগুত কৰে কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী আৰু তেওঁৰ সহযোগীসকলে ৷

বুধবাৰে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে কৃষি সঞ্চালকগৰাকীয়ে বানৰ সময়ত চপাই নৈৰ বাঢ়নী পানীয়ে ক্ষতি সাধন কৰা মনাবাগ চাহ বাগিছাৰ শ্ৰমিক লাইনো পৰিদর্শন কৰে ৷ বানৰ সময়ত শ্ৰমিক লাইনৰ বাসিন্দাসকলক পানবাৰী মডেল এইচ এছ স্কুলত স্থাপন কৰা অস্থায়ী বান শিবিৰত আশ্ৰয় প্ৰদান কৰা হয় ৷

তাতে তেওঁলোকক চৰকাৰ তথা জিলা প্ৰশাসনৰ তৰফৰ পৰা সাহায্যও প্ৰদান কৰা হয় ৷ আনকি বানাক্ৰান্ত লোকসকলে যাতে সোনকালে নিজৰ ঘৰলৈ উভতি যাব পাৰে তাৰ বাবে বৰ্তমান শ্ৰমিক লাইন পুনৰুদ্ধাৰৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা চেষ্টা অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Flood at Gahpur : গহপুৰত বানৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details