আমিৰ খানে অসমৰ বানপীড়িতলৈ আগবঢ়ালে ২৫ লাখ

author img

By

Published : Jun 29, 2022, 3:55 PM IST

AAMIR KHAN

অসমত হোৱা বানপানীৰ ফলত এতিয়ালৈকে ১১৭ জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰে বানপানীত ১০০ জন আৰু ভূমিস্খলনৰ ফলত বাকী ১৭ জন লোকৰ মৃত্যু হৈছে (Assam flood update) । বানপীড়িতসকলৰ বাবে সহায় আগবঢ়াই অভিনেতা আমিৰ খানে ২৫ লাখ টকা দান কৰিছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে আমিৰক ধন্যবাদ জনাই প্ৰকাশ কৰিলে এই কথা ।

চিটাৰা ডেস্ক, 29 জুন : বলীউডৰ অভিনেতা মিষ্টাৰ Perfectionist আমিৰ খানে আকৌ এবাৰ প্ৰমাণ কৰিলে নিজৰ মহানুভৱতা ৷ আকৌ এবাৰ অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হ’ল অভিনেতাজন ৷ অসমৰ বানপীড়িত সকলৰ বাবে ভগৱান হৈ দেখা দিছে অভিনেতা আমিৰ খান ৷

অসমৰ বানপানীৰ দুৰ্যোগ দেখি দুখত ভাগি পৰিছে অভিনেতাজন ৷ অসমৰ বানে এইবাৰ প্ৰলয়ংকৰী ৰূপ ধাৰণ কৰিছে (Assam flood situation) ৷ বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকৰ সাহাৰ্যৰ বাবে আমিৰে ২৫ লাখ টকা দান কৰিছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰি আমিৰক ধন্যবাদ জনাইছে ।

"বলীউডৰ প্ৰখ্যাত অভিনেতা আমিৰ খানে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ প্ৰতি ২৫ লাখ টকাৰ অৱদানেৰে ৰাজ্যৰ বানপীড়িত লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে । তেওঁৰ চিন্তা আৰু উদাৰতাৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা", এইদৰে টুইট কৰে শৰ্মাই । আমিৰৰ এই উদাৰতাক অসমকে ধৰি সমগ্ৰ দেশৰ অনুৰাগীসকলে প্ৰশংসা কৰিছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) মতে, এই বছৰ ৰাজ্যখনত বানপানী আৰু ভূমিস্খলনত মুঠ ১১৭ জন লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত ১০০ জন লোকে বানপানীত মৃত্যুবৰণ কৰিছে, আনহাতে বাকী ১৭ জন লোকৰ ভূমিস্খলনৰ ফলত মৃত্যু ঘটিছে (Assam flood 2022) ।

কেৱল বৰপেটা জিলাতে ৮.৭৬ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে, তাৰ পিছত নগাঁৱত ৫.০৮ লাখ, কামৰূপত ৪.০১ লাখ, কাছাৰত ২.৭৬ লাখ, কৰিমগঞ্জত ২.১৬ লাখ, ধুবুৰীত ১.৮৪ লাখ আৰু ১.৭০ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বুলি প্ৰতিবেদনত কোৱা হৈছে (Assam flood 2022 affected areas) ।

লগতে পঢ়ক: কলৰ ভূৰত উঠি গৈ বন্যাৰ্তৰ কাষ পালেগৈ পাপন; আগবঢ়ালে সাহায্য সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.