নামনি অসমৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা: আঙুলি উঠিছে ভূটানৰ ফালে

author img

By

Published : Jun 29, 2022, 8:48 PM IST

Hydro Electric Power Plant in Bhutan

ভূটানৰ পাদদেশৰ পৰা নামি অহা খৰস্ৰোতা জলধাৰাই নামনি অসমৰ এক বৃহৎ অংশ প্লাৱিত কৰাৰ লগে লগে পুনৰবাৰ ক্ষোভিত বানপীড়িত ৷ প্ৰশ্ন উঠিছে চুবুৰীয়া দেশ ভূটানৰ বিৰুদ্ধে ।

গুৱাহাটী, ২৯ জুন: মাত্ৰ দহটা দিনৰ ভিতৰতে ভূটানৰ পৰা নামি অহা খৰস্ৰোতা জলধাৰাই নামনি অসমৰ বজালীকে মুখ্য কৰি বৰপেটাৰো কিছু অংশ প্লাৱিত কৰাৰ পাছত শেহতীয়া বানৰ কাৰণো ভূটানৰ নদীবান্ধ বুলি চৰ্চিত হৈছে (Hydro Electric Power Plant in Bhutan) । অভিযোগ উঠিছে যে, পাহাৰত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত নদীবান্ধৰ কৃত্ৰিম হ্ৰদত জমা হোৱা‌ পানীভাগ ভূটানে এৰি দিছে । এই বান্ধসমূহ নাথাকিলে প্ৰাকৃতিকভাৱে জলাধাৰ‌ এক নিৰ্দিষ্ট বেগত তললৈ নামিলে মানস, বেকী, পহুমাৰা, কালদিয়া আদি নদীৰ ওপৰত ইমান তাৎক্ষণিক হেঁচা নপৰিলহেঁতেন ।

কিন্তু তেনে সাধাৰন কথাটোকে অস্বীকাৰ কৰি অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ সুৰতে সুৰ মিলাই এই বানক কেৱল অত্যাধিক বৰষুণৰ ফলত হোৱা বুলি ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰা কাৰ্যই সমগ্ৰ নামনি অসমৰ জিলাকেইখনত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে । ‌যোৱা ১৮ জুনৰ পৰা আৰম্ভ হোৱা বান পৰিস্থিতিৰ সময়তে ১৯ জুনৰ পুৱা ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্প কৰ্তৃপক্ষৰ পৰা পোৱা তথ্যৰ আধাৰত অসম চৰকাৰে জিলা উপায়ুক্তসকললৈ এক বাৰ্তা প্ৰেৰণ কৰিছিল ।

এই বাৰ্তা আছিল মাত্ৰ ৬০ মেগাৱট জলবিদ্যুৎ উৎপাদনক্ষম কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ(Kurichhu Hydro Electric Power Plant) পৰা অতিৰিক্ত পানী এৰি দিয়াৰ ।‌ কিন্তু বানৰ ৰূপ দেখি ৰাইজ নিশ্চিত হৈছিল যে এই পানী কেৱল কুৰিশ্বৰ পৰা অহা নহয় । চৰকাৰ নিমাত থাকিলেও ৰাইজে বুজিছিল যে ইয়াৰ‌ আঁৰত ডাঙৰ ৰহস্য আছে ।‌ এনে কথা-বতৰা চলি থকাৰ সময়তে মঙলবাৰে পুনৰবাৰ হঠাতে নামি অহা পানীৰ ঢলে বিয়লিৰ ভাগলৈ সৃষ্টি কৰা পৰিস্থিতিয়ে পৰিস্থিতি উদঙাই দিলে (Flood in Assam) ।

তথ্য অনুসৰি ২০১৯ চনত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত জাপান ইন্টাৰনেছনেল কোপাৰেচন এজেন্সি (Japan International Cooperation Agency) য়ে ভূটানৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তাৰ ভিত্তিত যি পথ নিৰ্দেশনা প্ৰস্তুত কৰিছে তাত কেতবোৰ আচৰিত কথা সন্নিৱিষ্ট আছে । ইয়াত লিখা হৈছে যে দেশখনৰ ১৫৫ টা স্থানত জলবিদ্যুৎ প্ৰকল্পৰ সম্ভাৱনীয়তা আছে যদিও তাৰ অধিক সংখ্যক ঠাইৰ পাৰিপাৰ্শ্বিক গতিবিধি জনাটো সম্ভৱপৰ হোৱা নাই ।

তদুপৰি, নতুনকৈ নিৰ্মাণ হ’বলগীয়া জলবিদ্যুৎ প্ৰকল্পৰ ঠাইসমূহত হ’বপৰা সম্ভাব্য ক্ষয়-ক্ষতিৰ বিষয়ে অধ্যয়ন কৰা হৈছে যদিও প্ৰকল্প সমূহৰ নামনিৰ অংশকে ধৰি 'ৰিভাৰ বেছিন'সমূহত হ’ব পৰা সম্ভাব্য ক্ষতি সম্পৰ্কত কোনোধৰণৰ অধ্যয়ন হোৱা নাই । সে‌য়ে এই দিশসমূহ সামৰি এক 'ষ্ট্ৰেটেজিক ইম্পেক্ট এছেছমেন্ট' কৰাৰ প্ৰয়োজনীয়তা আছে ।

উল্লেখ্য যে জাইকা(JICA)ই এই ডিটেইল প্ৰজেক্ট ৰিপ'ৰ্ট বনোৱাৰ কাম ২০১৬ চনৰ ৩০ ছেপ্টেম্বৰত পাইছিল আৰু ২০১৯ চনৰ নৱেম্বৰত প্ৰতিবেদন ভূটান চৰকাৰক দাখিল কৰিছিল । দেখা গৈছে যে এই ৰিপ'ৰ্ট প্ৰকাশ হোৱাৰ পাছতে ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত মাগডেশ্বু প্ৰকল্প (৭২০ মেগাৱট) ৰ(Mangdechhu Hydroelectric Project) উৎপাদন আৰম্ভ হৈছে আৰু নামনি অংশত হ’ব পৰা ক্ষতিৰ সন্দৰ্ভত কোনো প্ৰশ্ন উত্থাপন কৰা হোৱা নাই । বৰং সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবিদ্যুৎ উৎপাদনৰ বাবে ভূটানক উৎসাহিতহে কৰিছে ।

আনহাতে, জাইকা ৰ প্ৰতিবেদনত এই কথাও উল্লেখ আছে যে, ২০০৪ চনত ভাৰত আৰু ভূটান চৰকাৰে যুটীয়াভাৱে জলবিদ্যুৎ প্ৰকল্প ৰূপায়ন সন্দৰ্ভত এখন 'ইনটাৰ গভৰমেন্ট মডেল' তৈয়াৰ কৰিছিল । এই ৰূপৰেখাৰ ভিত্তিতে পৰৱৰ্তী সময়ত ভূটানে ভাৰতৰ সহায়তে ২০০৪ চনত পাৱাৰ চিষ্টেম মাষ্টাৰ প্লেন, ২০০৮ চনত ভূটান ছাছনেইনেবল হাইড্ৰপাৱাৰ ডেভলপমেন্ট পলিচীকে মুখ্য কৰি কেইবাটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান গঢ় দি তোলে ।

২০০৮ চনতে ড্ৰুক গ্ৰীন পাৱাৰ কৰ্পৰেছনো(Druk Green Power Corporation) গঠন কৰা হৈছিল আৰু বৰ্তমানে চলি থকা আটাইকেইটা জলবিদ্যুৎ প্ৰকল্প এই সংস্থাৰ অধীনতে চলি আছে । ভূটানৰ 'নেছনেল ট্ৰেন্সমিছন গ্ৰীড মাষ্টাৰ প্লেন ২০১২' খন আকৌ বনাই দিছে চেন্ট্ৰেল ইলেকট্ৰিচিটি অথৰিটি অৱ ইন্ডিয়া' ই । কেৱল সেয়ে নহয়, ভূটান ইলেট্ৰিচিটি এক্ট ২০০১ অনুসৰি দেশখনে ইতিমধ্যে জলবিদ্যুৎ খণ্ডত বৈদেশিক বিনিয়োগৰ আহ্বান কৰি থৈছে আৰু তাৰ ভিত্তিতে ভাৰতে দেশখনৰ জলবিদ্যুৎ খণ্ডত বিনিয়োগ কৰিছে ।

এতিয়া প্ৰশ্ন উঠিছে, ভাৰত আৰু ভূটান চৰকাৰে মিলি জলবিদ্যুৎ উৎপাদনক লৈ যি 'ইন্টাৰ গভৰ্মেন্ট মডেল'(Inter Governmental Agreement between India and Bhutan) তৈয়াৰ কৰিছিল তাত কিয় একেবোৰ 'ৰিভাৰ বেছিন'ত নিৰ্মাণ হোৱা প্ৰকল্পৰ বিপৰীতে নামনি অঞ্চলৰ পৰিৱেশত হ’ব পৰা ক্ষতিৰ কথা উল্লেখ কৰা হোৱা নাছিল ? যদি উল্লেখ আছিলেই তেতিয়াহ'লে সম্প্ৰতি পানীৰ তলত থকা অসমৰ গ্ৰাম্যবাসী ৰাইজৰ মাজত ৰাজহুৱা শুনানি কিয় পতা হোৱা নাছিল ? এনে প্ৰশ্নৰ যদি উত্তৰ চৰকাৰৰ হাতত নাই তেতিয়াহ'লে উল্লেখিত 'ইন্টাৰ গভৰ্মেন্ট মডেল' খন ৰাজহুৱা কৰাৰ বাবে আজি বানপীড়িত ৰাইজে অসম আৰু ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ।

তথ্যই স্পষ্ট কৰিছে যে জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়নৰ নামত ভাৰতে ভূটানৰ লগত যিবোৰ চুক্তিত মিলিত হৈছে সেইবোৰ নিজ দেশৰ খাটিখোৱা জনতাক আন্ধাৰত ৰাখি কৰা দুঃঅভিসন্ধি মাথো ৷

লগতে পঢ়ক: বোৱতী নৈৰ সোঁতত বিপদসংকুল যাত্ৰা ফিল'বাৰী-বালিজানবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.