মৰাণ, 11 অক্টোবৰ :ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ- নিবাৰ্চনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই থাওৰা বিধানসভা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰlতৰ হৈ উঠিছে ৷ সমষ্টিটোত এইবাৰ মূলতঃ শাসকীয় দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ মাজত ভোটৰ যুঁজখন সীমাবদ্ধ থাকিব ।
শাসকীয় দল বিজেপিৰ সমানে গাঁৱে গাঁৱে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাইজৰ দলে ৷ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰৰ সমৰ্থনত এদল যুৱতী-মহিলাই থাওৰা সমষ্টিৰ প্ৰতিখন গাঁৱৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব লৈছে ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ সাংগঠনিক সম্পাদিকা মূৰ্চনা চুতীয়া, শিৱসাগৰ জিলা নাৰী বলৰ প্ৰচাৰ সম্পাদিকা হিমাশ্ৰী চুতীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক হেমন্ত কোঁৱৰে ৷
লগতে পঢ়ক :দেশৰ প্ৰধান চহৰসমূহৰ সৈতে এতিয়া সংযুক্ত হ’ব গুৱাহাটী