আমগুৰি,৩১ জুলাই:বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা আলেকজেণ্ডাৰ ষ্টেডিয়ামত আৰম্ভ হোৱা কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈ চমকপ্ৰদ পদৰ্শন । এইবাৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে অসমৰ সাতগৰাকীকৈ খেলুৱৈয়ে । শিৱসাগৰ জিলাৰ আমগুৰিৰ পপী হাজৰিকাই খেলাৰ সুযোগ লাভ কৰিছে কমনৱেলথ গেমছত(Popy Hazarika selected for Commonwealth game) । নামতি অঞ্চলৰ জীয়ৰী পপী হাজৰিকাই আজি কমনৱেলথ গেমছত ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব(Popy Hazarika to participate in Weight lifting on today) । পপী হাজৰিকালৈ শুভেচ্ছা আৰু শুভাশীষ জ্ঞাপন কৰে নামতি অঞ্চলবাসীয়ে ।
দেওবাৰে ভাৰোত্তোলন ৫৯ কেজি শাখাত আন কেইবাখনো দেশৰ ১১ গৰাকী খেলুৱৈৰ সৈতে পদক লাভৰ বাবে প্ৰতিদ্বন্দিতা কৰিব পপীয়ে । সৰুতেই পিতৃক হেৰুৱাব লগা হোৱা দৰিদ্ৰ পৰিয়ালৰ সন্তান পপীয়ে এক কণ্টকময় যাত্ৰাৰে ভাৰতৰ হৈ কমনৱেলথ গেমছত সুযোগ পোৱাত উৎফুল্লিত হৈ পৰে নামতি বাসী । কিছু সময়ৰ পাছতেই খেলত অৱতীৰ্ণ হ’ব লগা পপীক লৈ আশাবাদী মাতৃ । পপীয়ে পদক কঢ়িয়াই আনি দেশ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি দৃঢ় বিশ্বাসী পপীৰ গাঁওবাসী ।