Fake encounter in Assam: পুনৰ ভুৱা এনকাউণ্টাৰে লজ্জিত কৰিলে অসম আৰক্ষীক

author img

By

Published : Jul 31, 2022, 10:54 AM IST

Updated : Jul 31, 2022, 12:30 PM IST

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ কৰি অসম আৰক্ষীৰ মুখ থেকেচা (Fake encounter in Assam) ৷ অসম কঁপোৱা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ নৃশংস হত্যাৰ অভিযুক্ত ৰিন্টু শৰ্মাৰ এনকাউন্টাৰক ভুৱা আখ্যা দিয়ে আদালতে (Rintu Sarma victim of fake encounter) ৷

ধেমাজি, 31 জুলাই: অপৰাধীৰ বিৰুদ্ধে বিভিন্ন সময়ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে অসম আৰক্ষীয়ে (Assam Police againts crime) । অপৰাধ দমনৰ বাবে যিকোনো পন্থাই অৱলম্বন কৰিবলৈ বাধ্য হৈছে আৰক্ষীয়ে । কোনো কাৰণতে অপৰাধীক সাৰি যাবলৈ নিদিয়াৰ পন্থা হাতত লৈছে অসম আৰক্ষীয়ে ৷ কিন্তু শেহতীয়াকৈ এই এনকাউণ্টাৰক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ (Question raised on police encounter)৷ পিছে এই কথা নতুন নহয় ৷ নব্বৈ দশকতো আৰক্ষীৰ জধে-মধে কৰা এনকাউণ্টাৰক উত্থাপন হৈছিল বহু প্ৰশ্নৰ ৷

এইবাৰ পুনৰ ভুৱা এনকাউণ্টাৰ কৰি অসম আৰক্ষীৰ মুখ থেকেচা ৷ অসম কঁপোৱা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ নৃশংস হত্যাৰ (Nandita Saikia murder) অভিযুক্ত ৰিন্টু শৰ্মাৰ এনকাউন্টাৰৰ গোচৰৰ ৰায়দান দিলে ধেমাজি মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে (Rintu Sarma encounter) ৷ উক্ত এনকাউন্টাৰক ভুৱা আখ্যা দিয়ে আদালতে ৷ ধেমাজি মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত আৰক্ষীয়ে ৰিন্টু শৰ্মা এনকাউন্টাৰৰ যথোপযুক্ত প্ৰমাণ দাখিল কৰাত ব্যৰ্থ হোৱাৰ লগতে সাক্ষীৰ ভিন্ন মন্তব্যৰ কাৰণে এয়া এক পৰিৱেশসৃষ্ট এনকাউন্টাৰ বুলি প্ৰতীয়মান হয় (Nandita Saikia murder case) ৷

পুনৰ ভুৱা এনকাউণ্টাৰে লজ্জিত কৰিলে অসম আৰক্ষীক

যোৱা 21 আগষ্ট 2021 ত ধেমাজি নগৰৰ মাজমজিয়াত দাৰে ঘপিয়াই নৃশংসভাৱে নন্দিতা শইকীয়াক হত্যা কৰা ৰিন্টু শৰ্মাক 4 ছেপ্তেম্বৰৰ নিশা ধেমাজি অসামৰিক চিকিৎস্যালয়লৈ নিয়া অৱস্থাত সংঘটিত হৈছিল এই এনকাউণ্টাৰৰ ঘটনাটো (Rintu Sarma victim of fake encounter) ৷

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেকুবুদ্দিন আহমেদে 5 জনীয়া এটা দলৰ সহযোগত ৰিণ্টুক হাস্পতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায় (Nandita Saikia murder case accused Rintu)৷ হাস্পতাললৈ গৈ থাকোতেই ধেমাজিৰ লাচিত নগৰ নামেৰে ঠাইত ৰিণ্টু শৰ্মাই প্ৰস্ৰাৱ কৰিব লগাৰ কাৰণে পেটতো বিষোৱা বুলি কৈছিল ৷ ৰিণ্টুৱে প্ৰস্ৰাৱ কৰিবলৈ আৰক্ষীয়ে গাড়ীখন ৰখোৱাৰ পিছতেই অভিযুক্ত ৰিণ্টুৱে গাড়ীৰ পৰা নামি আৰক্ষীৰ পৰা 47 ৰাইফল কাঢ়ি পলাবলৈ বিচাৰিছিল বুলি আৰক্ষীয়ে জনাইছিল ৷

আৰক্ষী বিষয়া নেকিবুদ্দিন আহমেদে ৰিণ্টুক ৰ’বলৈ দিছিল যদিও ৰিণ্টু ৰোৱা নাছিল ৷ উপায়হীন হয় আৰক্ষীয়ে প্ৰথমতে শূন্যলৈ গুলী ফুটাই ৷ পৰৱৰ্তী সময়ত ৰিণ্টুক ৰখাবলৈ ভৰিলৈ লক্ষ্য কৰি গুলি কৰে আৰক্ষীয়ে ৷ কিন্তু পৰৱৰ্তী সময়ত এই ঘটনাৰ তদন্ত হোৱাত ঘটনাৰ দিনা উপস্থিত থকা সাক্ষীকেইজনৰ মন্তব্য বেলেগ বেলেগ হোৱাত সন্দেহৰ আৱৰ্তলৈ আহে সমগ্ৰ এনকাউণ্টাৰৰ ঘটনাটো ৷ ইফালে অভিযুক্ত ৰিণ্টুৱে বাৰম্বাৰে আৰক্ষীয়ে শূন্যৰ দূৰত্বৰ পৰা গুলি চলোৱাৰ কথা কৈ আছিল ৷ শনিবাৰে ৰিণ্টু শৰ্মাৰ এনকাউণ্টাৰৰ গোচৰৰ চূড়ান্ত শুনানি গ্ৰহণ কৰে আদালতে ৷

উল্লেখ্য যে, শেহতীয়াকৈ নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰকো আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ (Kirtikamal Bora victim of fake encounter) বুলি চিআইডিয়ে নগাঁৱৰ মুখ্য ন্যায়াধীশৰ আদালতত দাখিল কৰে চাৰ্জশ্বীট । কীৰ্তিকমলক দোষমুক্ত ঘোষণা কৰি প্ৰদীপ বণিয়াৰ বিৰুদ্ধেহে চাৰ্জশ্বীট দাখিল কৰিছিল চিআইডিয়ে (Fake encounter by Nagaon police)।

চলিত বৰ্ষৰ ২২ জানুৱাৰীত নগাঁৱৰ কচলুখোৱাত আৰক্ষীৰ গুলিত আহত হৈছিল ছাত্ৰ নেতা কীৰ্তিকমল বৰা (Kirtikamal Bora encounter)। আৰক্ষীৰ গুলিত চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰে ছাত্ৰনেতা বৰা । কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ গোচৰ জাপি দিছিল আৰক্ষীয়ে । এই ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল । সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ এই বিতৰ্কৰ মাজত সোমাই পৰিছিল (IPS Anand Mishra)। তেওঁক শাস্তিমূলকভাৱে বদলিও কৰা হৈছিল ৷

ইয়াৰ সমান্তৰালকে গুৱাহাটী উচ্চ ন্যায়ালয়ে জানুৱাৰী মাহত ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ বিভাগক বিস্তৃত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছিল (Gauhati HC asked detailed affidavit on fake encounters) । উচ্চ ন্যায়ালয়ে যোৱা ৩ জানুৱাৰীত ন্যায়ালয়ত বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা কৰি ১১ জানুৱাৰী তাৰিখে বিষয়টোৰ বাবে শুনানি ধাৰ্য কৰিছিল ।

নতুন দিল্লীস্থিত জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰৰ এক জনস্বার্থজনিত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত এক নিৰপেক্ষ তদন্ত বিচাৰে (Inquiry on alleged fake encounters in Assam) । অধিবক্তা আৰিফ জোৱাদ্দাৰে এই জনস্বার্থজনিত আবেদনত (নং ৮৬/২০২১) দাখিল কৰাৰ মতে ২০২১ চনৰ মে’ মাহৰ পৰা ৮০ টা এনে ভুৱা এনকাউণ্টাৰ সংঘটিত হৈছিল ৷

ইয়াৰ ফলত, ২৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৮ জন লোক আহত হৈছিল । নিজৰ আবেদনত জোৱাদ্দাৰে এইসমূহ ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে চি বি আই তদন্ত আৰু ন্যায়ালয়ৰ পর্যবেক্ষণত আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰাও এক তদন্তৰ দাবী কৰিছিল । তেওঁ লগতে তদন্তৰ পাছত নিহত লোকসকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ বাবেও দাবী উত্থাপন কৰা হৈছিল ।

লগতে পঢ়ক: আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ বলি হ’ল কীৰ্তিকমল বৰা

Last Updated :Jul 31, 2022, 12:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.