আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ বলি হ’ল কীৰ্তিকমল বৰা

author img

By

Published : Jul 5, 2022, 8:59 PM IST

Kirtikamal Bora encounter
আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ বলি হ’ল কীৰ্তিকমল বৰা ()

কীৰ্তিকমল বৰাক দোষমুক্ত ঘোষণা কৰিলে চিআইডিয়ে (Kirtikamal Bora encounter)। এছ আই প্ৰদীপ বণিয়াই কীৰ্তিকমলৰ বিৰুদ্ধে তৰা গোচৰত চিআইডিয়ে দোষমুক্ত ঘোষণা কৰিলে কীৰ্তিকমলক । প্ৰদীপ বণিয়াৰ বিৰুদ্ধেহে চাৰ্জশ্বীট দাখিল কৰিলে চিআইডিয়ে ।

গুৱাহাটী, 5 জুলাই: নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ আছিল আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ (Kirtikamal Bora victim of fake encounter)৷ আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ বিৰুদ্ধেহে চাৰ্জশ্বীট দাখিল কৰিলে চিআইডিয়ে ৷ কীৰ্তিকমল বৰাক দোষমুক্ত ঘোষণা কৰিলে চিআইডিয়ে । এছ আই প্ৰদীপ বণিয়াই কীৰ্তিকমলৰ বিৰুদ্ধে তৰা গোচৰত চিআইডিয়ে দোষমুক্ত ঘোষণা কৰিলে কীৰ্তিকমলক । প্ৰদীপ বণিয়াৰ বিৰুদ্ধেহে চাৰ্জশ্বীট দাখিল কৰিলে চিআইডিয়ে (Fake encounter by Nagaon police)।

কীৰ্তিকমল বৰাৰ এনকাউন্টাৰ আছিল সম্পূৰ্ণ ভুৱা এনকাউন্টাৰ
কীৰ্তিকমল বৰাৰ এনকাউন্টাৰ আছিল সম্পূৰ্ণ ভুৱা এনকাউন্টাৰ

চিআইডিয়ে নগাঁৱৰ মুখ্য ন্যায়াধীশৰ আদালতত দাখিল কৰিলে চাৰ্জশ্বীট । প্ৰদীপ বণিয়াৰ গুলিত আহত হৈছিল ছাত্ৰনেতা বৰা ৷ চলিত বৰ্ষৰ ২২ জানুৱাৰীত নগাঁৱৰ কচলুখোৱাত আৰক্ষীৰ গুলিত আহত হৈছিল ছাত্ৰ নেতা কীৰ্তিকমল বৰা (Kirtikamal Bora encounter)। আৰক্ষীৰ গুলিত চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰে ছাত্ৰনেতা বৰা । কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ড্রাগছ সৰবৰাহৰ লগত জড়িত থকাৰ গোচৰ জাপি দিছিল । এনকাউণ্টাৰ ঘটনাৰ ছমাহৰ পিছত আৰক্ষীয়ে দাখিল কৰিলে চার্জশ্বীট ।

উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল । সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ এই বিতৰ্কৰ মাজত সোমাই পৰিছিল (IPS Anand Mishra)। তেওঁক শাস্তিমূলকভাৱে বদলিও কৰা হৈছিল । অৱশেষত নিৰ্দোষী প্ৰমাণিত হ’ল কীৰ্তিকমল ৷

লগতে পঢ়ক : FIR against Kirtikamal Bora : কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.