অসম

assam

Akhil Gogoig against CAA: কা বলৱৎ কৰিলে বিজেপিক অসমত স্থান নিদিয়াৰ হুংকাৰ অখিল গগৈৰ

By

Published : Aug 7, 2022, 9:41 PM IST

Akhil Gogoig Against CAA
কা বলৱৎ কৰিলে বিজেপিক অসমত স্থান নিদিয়াৰ হুংকাৰ অখিল গগৈৰ

নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ নিদিয়ে অখিল গগৈ তথা ৰাইজৰ দলে ৷ এই আইন বলৱৎ কৰিলে বিজেপিক অসমত স্থান দিয়া নহ’ব ৷ এই মন্তব্য কৰাৰ লগতে অখিল গগৈয়ে প্ৰশ্ন কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই জাতীয় পতাকা উত্তোলন নকৰাৰ প্ৰসংগত (RSS never hoisted national flag)৷

শিৱসাগৰ, 7 আগষ্ট: নাগৰিকত্ব সংশোধনী আইন(Citizenship Amendment Act 2019) বলবৎ কৰিলে বিজেপিক অসমত স্থান দিয়া নহ’ব ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মৰণপন যুঁজি যাব ৰাইজৰ দলে ৷ যিহেতু এই আইনৰ বিৰুদ্ধেই জন্মলাভ কৰিছিল দলটোৱে ৷ শিৱসাগৰত দেওবাৰে এই মন্তব্য কৰিলে অখিল গগৈয়ে (Akhil Gogoi opposes CAA) ৷

এক যোগদান সভাত অংশগ্ৰহণ কৰি শিৱসাগৰৰ বিধায়কজনে মুখামুখি হয় সংবাদ মাধ্যমৰ ৷ উক্ত সংবাদ মেলতে বহুকেইটা বিষয়ত প্ৰতিক্ৰিয়া তথা মন্তব্য প্ৰকাশ কৰিলে বিধায়কগৰাকীয়ে ৷ য’ত স্থান লাভ কৰিলে নাগৰিকত্ব সংশোধনী বিধেক, আলফা(স্বা)য়ে কৰা স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান, ঘৰে-ঘৰে আৰু সামাজিক মাধ্যমত জাতীয় পতাকা ব্যৱহাৰৰ আহ্বান আদি বিষয়ে ৷

বিজেপি চৰকাৰে আয়োজন কৰা হৰ ঘৰ ত্ৰিৰংগা উৎসৱৰ বিৰোধিতা কৰে বিধায়ক গগৈয়ে ‌(Akhil Gogoi on Har Ghar Tiranga)। তেওঁ কয় যে, আৰএছএছৰ ঔৰসত জন্ম লোৱা বিজেপিয়ে আৰএছএছক ত্ৰিৰংগা উত্তোলন কৰিবলৈ বাধ্য কৰাব পাৰিব নে ? কিয়নো আৰএছএছে কেতিয়াও ত্ৰিৰংগা উত্তোলন কৰি পোৱা নাই (RSS never hoisted national flag)। তেওঁলোকে ভাৰতৰ স্বাধীনতা সংগ্ৰামক বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে, আৰ এছ আছ সদায় সাম্ৰাজ্যবাদী ব্ৰিটিছসকলৰ লগত আছিল ৷

কা বলৱৎ কৰিলে বিজেপিক অসমত স্থান নিদিয়াৰ হুংকাৰ অখিল গগৈৰ

চ’ছিয়েল মেডিয়াৰ প্ৰফাইলত জাতীয় পতাকা ব্যৱহাৰ কৰিবলৈ বিজেপি চৰকাৰ জনোৱা আহ্বানৰ ক্ষেত্ৰত অখিল গগৈয়ে কয় যে, এই আহ্বান বিজেপিয়ে কৰাটো মানি নলও(National Flag On Social Profiles) ৷ জাতীয় পতাকা সদায় উত্তোলন কৰি আহিছিলোঁ আৰু কৰি যাম ৷ জাতীয় পতাকাক হৃদয়ত স্থান দি থৈছোঁ ৷

আনহাতে, স্বাধীনতাৰ 75 বছৰ হোৱাৰ সময়ত নিষিদ্ধ ঘোষিত সংগঠন আলফায়ে(স্বা) স্বাধীনতা দিৱস উদযাপন নকৰিবলৈ জনোৱা আহ্বানৰ বিৰোধিতা কৰে অখিল গগৈয়ে ৷ তেওঁ কয় যে, আলফাই জনোৱা এই আহ্বান এটা ৰাজনৈতিক দল হিচাবে মানি ল’ব নোৱাৰো বুলি মন্তব্য কৰি তেওঁ কয় যে, আমি নিশ্চিতভাৱে স্বাধীনতা দিৱস উদযাপন কৰিম ৷ ইয়াৰ লগতে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰবাদৰ হকে কাম কৰি যাব বুলিও মন্তব্য কৰে অখিল গগৈয়ে ৷

উল্লেখ্য যে, দেওবাৰে শিৱসাগৰ নগৰত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ তথা দল-সংগঠনৰ পাঁচ শতাধিক লোকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কৰে (Raijor Dal joining meeting in sivasagar) । কংগ্ৰেছ, বিজেপি, আপ,অগপ আদি দলৰ নেতা-সদস্যই ৰাইজৰ দলত যোগদান কৰা বুলি জনায় অখিল গগৈয়ে ।

শিৱসাগৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ৰাজ্যিক কংগ্ৰেছৰ সদস্য বিজিত গগৈয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে । আনহাতে অখিল গগৈয়ে ভাষণ প্ৰসংগত বিজেপি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে । শিৱসাগৰৰ ৫১ খন বিদ্যালয়ৰ তালিকাৰ প্ৰসংগত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সমালোচনা কৰে গগৈয়ে । অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ নীতিকলৈও তীব্ৰ সমালোচনা কৰে অখিল গগৈয়ে ।

চিআইডিএফৰ ১০০ কোটি টকা ডাঃ ৰণোজ পেগু, সাংসদ তপন গগৈ আৰু শিৱসাগৰ জিলা উপায়ুক্তৰ ভুলৰ বাবে ঘূৰি যোৱাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে । আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:Assam Pradesh Congress FIR: বিজেপি নেতা ঋতু বৰাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details