অসম

assam

ড৹ কুলধৰ শইকীয়ালৈ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা

By

Published : Sep 22, 2021, 3:51 PM IST

ড৹ কুলধৰ শইকীয়ালৈ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা

অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়ালৈ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰিছে অৰুণোদয় সাহিত্য সভা আৰু ড৹ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিয়ে ৷ ড৹ ময়িদুল ইছলাম বড়া অসমৰ প্ৰথম গৰাকী ডক্টৰেট হোৱাৰ লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল ।

শিৱসাগৰ, 22 ছেপ্তেম্বৰ :অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়াক বুধবাৰে শিৱসাগৰত ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰা হয় । শিৱসাগৰ নগৰৰ ৰংপুৰজ্যোতি ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰথিতযশা সাহিত্যিক গৰাকীক অৰুণোদয় সাহিত্য সভা আৰু ড৹ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৷

ড৹ কুলধৰ শইকীয়ালৈ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা

উল্লেখযোগ্য যে, ড৹ ময়িদুল ইছলাম বড়া অসমৰ প্ৰথম গৰাকী ডক্টৰেট হোৱাৰ লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল । ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাচাৰ্য বড়াই "আমিৰ হাছান দিহলবিৰ জীৱন আৰু কৰ্ম"ৰ ওপৰত গৱেষণা কৰি লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ।

লগতে পঢ়কঃ অসম ডাউন টাউন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক শান্তি দিৱস পালন

আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত ড৹ ময়িদুল ইছলাম বড়াৰ গৱেষণা পত্ৰখনিৰ অসমীয়া অনুবাদো উন্মোচন কৰা হয় । অৰ্জুন ভোগেশ্বৰ বৰুৱা, জ্যোতিপ্ৰসাদ শইকীয়া, প্ৰেম গগৈ, মণিকা শইকীয়া আদি উপস্থিত থকা উক্ত বঁটা প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ নতুন তিনিখন গ্ৰন্থ ক্ৰমে "গেলিলিও গেলিলেই", "লিহিৰি বন", "কমোৱা তুলাৰ দৰে" উন্মোচন কৰা হয় ।

বঁটা গ্ৰহণ কৰি বঁটা প্ৰাপক অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে উদ্যোক্তা সমিতিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ড৹ ময়িদুল ইছলাম বড়াৰ সাহিত্যকৃতি আৰু অসমীয়া সমাজ জীৱনলৈ তেওঁৰ সম্প্ৰীতিৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।

লগতে পঢ়কঃ 25 ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা

ABOUT THE AUTHOR

...view details