25 ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা

author img

By

Published : Sep 22, 2021, 12:40 PM IST

ass_ghy_01_ GU script_7210450

25 ছেপ্তেম্বৰৰ পৰা 8 অক্টোৱৰলৈ অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে অনুষ্ঠিত কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা ৷ ইতিমধ্যে ইয়াৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে এছ অ’ পি ৷

গুৱাহাটী, 22 ছেপ্তেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষাৰ বাবে প্ৰকাশ পালে এছ অ’ পি ৷ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ঘোষিত সূচী অনুসৰি এই পৰীক্ষাসমূহ 25 ছেপ্তেম্বৰৰ পৰা 8 অক্টোৱৰলৈ অনুষ্ঠিত কৰা হ’ব ৷ পৰীক্ষাসমূহ অ’পেন বুক মাধ্যমত অনুষ্ঠিত কৰা হ’ব ৷ প্ৰশ্নোত্তৰৰ বহীসমূহ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা সমাপ্ত হোৱাৰ আধা ঘন্টাৰ ভিতৰত নিজ নিজ কলেজৰ ই-মেইলযোগে প্ৰেৰণ কৰিব লাগিব ৷

আনহাতে, অফলাইন পদ্ধতিৰে পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নোত্তৰ বহীও সংশ্লিষ্ট কলেজৰ শিক্ষকে মূল্যায়ন কৰি বিশ্ববিদ্যালয়লৈ নম্বৰ প্ৰেৰণ কৰিব আৰু সেই নম্বৰৰ ভিত্তিত ফলাফল ঘোষণা কৰা হ’ব । পৰীক্ষাৰ্থীসকলে পৰীক্ষা সমাপ্ত হোৱাৰ দুদিনৰ ভিতৰত ৯ আৰু ১০ অক্টোবৰৰ ভিতৰত প্ৰশ্নোত্তৰ বহীৰ হাৰ্ডকপি নিজৰ কলেজত জমা দিব লাগিব ।

উল্লেখ্য যে, 1 অক্টোৱৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত অফলাইন পাঠদানো আৰম্ভ হ’ব ৷

লগতে পঢ়ক : 1 অক্টোবৰৰ পৰা আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.