অসম

assam

Demands for ST status: আমগুৰিত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৰে’ল অৱৰোধ

By

Published : Aug 4, 2022, 1:26 PM IST

all-assam-matak-youth-student-association-protest-at-amguri-in-sivasagar
আমগুৰিত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৰে’ল অৱৰোধ ()

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত শিৱসাগৰ আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত আমগুৰি জঙত জনজাতিকৰণ তালিকাত অন্তৰ্ভুক্তিৰে সাংবিধানিক মৰ্যাদা প্ৰদানৰ দাবীত অঞ্চলটোৰ লোকসকলে ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে (All Assam Matak Youth Student Association protest at Amguri ) ৷

আমগুৰি, 4 আগষ্ট: অসমৰ অন্যতম মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী দীৰ্ঘদিনীয়া । বছৰ বছৰ ধৰি জনগোষ্ঠীটোৱে জনজাতিকৰণ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । শেহতীয়াকৈ শিৱসাগৰ আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত আমগুৰি জঙত জনজাতিকৰণ তালিকাত অন্তৰ্ভুক্তিৰে সাংবিধানিক মৰ্যাদা প্ৰদানৰ দাবীত অঞ্চলটোৰ লোকসকলে ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে (All Assam Matak Youth Student Association protest at Amguri ) ৷

বুধবাৰে নামনিমুৱা তিনিচুকীয়া-যোৰহাট এক্সপ্ৰেছখন অৱৰোধ কৰি মটক যুৱ ছাত্ৰ সন্মিলনে (All Assam Matak Youth Student Association) মটক জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ তালিকাত অন্তৰ্ভুক্তি কৰিবলৈ দাবী জনায় (Matak community demands for ST status) ৷ লগতে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনগোষ্ঠীটোক সাংবিধানিক মৰ্যাদা প্ৰদানৰ দাবীও জনায় মটক যুৱ ছাত্ৰ যুৱ সন্মিলনে ৷

আমগুৰিত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৰে’ল অৱৰোধ

লগতে শান্তি আলোচনাৰ জৰিয়তে আলফা সমস্যাৰ ৰাজনৈতিকভাৱে স্থায়ী সমাধান কৰা, অতি শীঘ্ৰে মটক স্বায়ত্ব শাসিত পৰিষদলৈ পৰ্যাপ্ত পুজি আবন্টন দিয়া, অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দি স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷

লগতে পঢ়ক:Monkeypox Outbreak: ভাৰতত মাংকিপক্সত আক্ৰান্তৰ সংখ্যা 9 গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details