অসম

assam

African Swine Fever: গাহৰি পালকৰ মাজত হাহাকাৰ, নিষিদ্ধ গাহৰি মাংস

By

Published : Jul 23, 2022, 10:22 AM IST

african-swine-fever-outbreak-in-sivasagar
গাহৰি পালকৰ মাজত হাহাকাৰ, নিষিদ্ধ গাহৰি মাংস

শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংহাৰ (African swine fever outbreak in Sivasagar) ৷ আফ্ৰিকান ছোৱাইন ফিভাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন জাৰি কৰিছে ১৪৪ ধাৰা ৷ গাহৰি মাংস বিক্ৰিত নিষেধাজ্ঞা (Ban on sale of pork issued in Sivasagar)৷ গাহৰি পালকৰ মাজত হাহাকাৰ ৷

আমগুৰি, 23 জুলাই: গাহৰি পালকৰ মাজত হাহাকাৰ ৷ আফ্ৰিকান ছোৱাইন ফিভাৰে লৈছে সংহাৰী ৰূপ (African swine fever outbreak in Sivasagar)। আফ্ৰিকান ছোৱাইন ফিভাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন ৷ শিৱসাগৰ জিলাত ইতিমধ্যে জাৰি কৰিছে ১৪৪ ধাৰা (Section 144 issued in Sivasagar)। গাহৰি মাংস বিক্ৰি কৰা আৰু সৰবৰাহ বন্ধ কৰিবলৈ নিৰ্দেশ জিলা প্ৰশাসনৰ (Ban on sale of pork issued in Sivasagar)।

গাহৰি পালকৰ মাজত হাহাকাৰ, নিষিদ্ধ গাহৰি মাংস

আনহাতে, ক্ষতিগ্ৰস্ত গাহৰি পালকৰ ক্ষতিপূৰণক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। চৰকাৰে ধাৰ্য কৰা ক্ষতিপূৰণ গাহৰি পালকৰ বাবে পৰ্যাপ্ত নহয় বুলি অসন্তুষ্টি প্ৰকাশ গাহৰি পালকৰ । উল্লেখ্য যে ,পশুপালন মন্ত্ৰী অতুল বৰাই সংবাদমেলৰ জড়িয়তে ক্ষতিপুৰণ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ।

গাহৰি পালকৰ মাজত হাহাকাৰ, নিষিদ্ধ গাহৰি মাংস

ৰাজ্যৰ ২২ খন জিলাৰ ৭২ স্থানত লক্ষণ পোৱা গৈছে ছোৱাইন ফিভাৰৰ। ছোৱাইন ফিভাৰৰ লক্ষণ দেখা দিলে বিভাগে গাহৰি নিধন কৰিব বুলি প্ৰকাশ কৰিছে । চৰকাৰে প্ৰতিটো গাহৰিত ২,২০০ টকাৰ পৰা ১৫,০০০ টকা ক্ষতিপূৰণ দিব গাহৰি পালকক । চৰকাৰে ১৫ কেজিৰ গাহৰিত ২,২০০ টকা, ১৫-৪০ কেজিত ৫,৮০০ টকা, ৪০-৭০ কেজিত ৮,৪০০ টকা, ৭০-১০০ কেজিত ১২,০০০ টকা, ১০০ কেজিৰ ওপৰৰ গাহৰিত ১৫,০০০ টকা ক্ষতিপূৰণ দিব বুলি প্ৰকাশ কৰিছে । কিন্তু এই ক্ষতিপুৰণক লৈ সন্তুষ্ট নহয় গাহৰিপালকসকল ।

লগতে পঢ়ক:African swine fever outbreak in Sivasagar: নিষিদ্ধ গাহৰি মাংস

ABOUT THE AUTHOR

...view details